ডিজিটেল ডেস্ক: বিহাৰ নিৰ্বাচনৰ ভোটগণনা বৰ্তমানেও চলি আছে৷ ২৪৩ খন আসনৰ বিধানসভাৰ চৰকাৰ গঠন কৰিবলৈ ১২২ খন মেজিক নম্বৰৰ দৰকাৰ৷ কিন্তু এই সময়ত এনডিএ আগবাঢ়ি আছে৷ এনডিএ তথা বিজেপি আৰু জেডিইউ-এ ১২৩ খন আসনত আগবাঢ়ি আহিছে৷ আনহাতে কংগ্ৰেছ আৰু আৰজেডি-এ ১১ খন আসন আগবাঢ়ি আছে৷ তাৰ মাজতে বিজেপিৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে ফোনযোগে বাৰ্তালাপ কৰে বিহাৰ জেডিইউৰ নেতা তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ সৈতে৷