বিহালীত আজিৰে পৰা আৰম্ভ হৈছে অসম গোর্খা সন্মিলনৰ বিশ্বনাথ জিলা সমিতিৰ নৱম ত্রি-বার্ষিক অধিৱেশনখনি৷ বিহালীৰ নিজ বিহালী গাঁও পঞ্চায়তৰ সমুহীয়া ভৱনত অনুষ্ঠিত হোৱা অধিৱেশনত পুৱা জিলা সভাপতি জয় কুমাৰে সূতাৰে মূল পতাকা উত্তোলন কৰাৰ পিছতে জিলাৰ পদাধিকাৰী, বিশিষ্ট ব্যক্তি, অভ্যর্থনা সমিতিৰ সদস্যই ৯ খন পতাকা উত্তোলন কৰে।
এইবাৰ সম্পূৰ্ণ কোভিড- ১৯ৰ প্রট’কল ৰক্ষা কৰি অধিৱেশনখনি হ’ব বুলি উদ্যোগতাই জানিবলৈ দিয়ে। দুদিনীয়াকৈ আয়োজন কৰা অধিৱেশন খনিত আজি প্ৰতিনিধি সভা অনুষ্ঠিত হৈ আগন্তুক বৰ্ষৰ বাবে নতুন সমিতি গঠন হ’ব আৰু অহা কালিলৈ অনুষ্ঠিত হ’ব সম্প্ৰদায়টোৰ বিভিন্ন নৃত্য-গীতৰে সমৃদ্ধ সাংস্কৃতিক অনুষ্ঠান।