ষ্টাফৰিপৰ্টাৰ, বিহালী আৰু গহপুৰ সমষ্টিৰ বান তথা গৰাখহনীয়া পৰিস্থিতিৰ সামগ্ৰিকভাৱে বুজ লোৱাৰ পাছত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত হয় বিহপুৰীয়া সমষ্টিত। প্ৰথমতে ধলপুৰত ব্ৰহ্মপুত্ৰৰ সমীপৰ এটা চেক বান্ধ পৰিদৰ্শন কৰে আৰু অঞ্চলটোৰ বান পৰিস্থিতিৰ বুজ লয়। তাৰপাছত ধূনাগুৰিত উপস্থিত হৈ জলসম্পদ বিভাগৰ বিভিন্ন কাম-কাজৰ পৰ্যালোচনা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।