বিশ্বনাথত মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত চাইকেল প্ৰদান অনুষ্ঠান।মন্ত্ৰী অশোক সিংঘলে বিশ্বনাথৰ ৯৮০০ গৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰিলে চাইকেল।বিশ্বনাথত মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত আজি অসম চৰকাৰৰ জলসিঞ্চন, গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী অশোক সিংঘলে জিলাখনৰ ছাত্ৰ ছাত্ৰী সকলক চাইকেল প্ৰদান কৰে । বিশ্বনাথৰ আৱৰ্ত ভৱন খেলপথাৰত জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হোৱা চাইকেল প্ৰদান অনুষ্ঠানত জিলাখনৰ মুঠ ৯৮০০ গৰাকী ছাত্ৰ ছাত্ৰীক চাইকেল প্ৰদান কৰা হয় । উক্ত অনুষ্ঠানত বিশ্বনাথ, বিহালী, গহপুৰৰ বিধায়ক, জিলা আয়ুক্ত ডাঃ নেহা যাদৱকে ধৰি জিলা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াসকলৰ লগতে ছাত্ৰ ছাত্ৰী, অভিভাৱক তথা শিক্ষক – শিক্ষয়িত্ৰী সকল উপস্থিত থাকে । মন্ত্ৰী অশোক সিংঘলে কয়, মুখ্যমন্ত্ৰীয়ে স্বাৱলম্বী, আত্মনিৰ্ভৰশীল অসম নিৰ্মাণৰ যি সপোন দেখিছে সেয়া বাস্তৱত ৰূপায়িত হোৱা আমি দেখিছোঁ ।
