বিশ্বনাথত ভোট কেন্দ্ৰ সমূহলৈ ৰাওনা প্ৰিজাইডিং বিষয়া আৰু নিৰাপত্তাৰক্ষীসহ পুলিং বিষয়াৰ দল

99

প্ৰথম পৰ্যায়ত ৭৬ নং বিশ্বনাথ বিধানসভা সমষ্টি আৰু ৭৭নং বিহালী বিধান সভা সমষ্টিত কাইলৈ অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ ভোট গ্ৰহনৰ বাবে বিশ্বনাথ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা প্ৰিজাইডিং বিষয়া আৰু নিৰাপত্তা ৰক্ষীসহ পুলিং বিষয়াৰ দল ভোট কেন্দ্ৰ সমূহলৈ ৰাওনা হৈছে। বিশ্বনাথ জিলা প্ৰশাসনে দুটা বিধানসভা সমষ্টিত ভোট গ্ৰহন শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰিবলৈ সুৰক্ষা ব্যৱস্থাকে ধৰি সকলো পদক্ষেপ গ্ৰহন কৰিছে। উল্লেখ্য যে, বিশ্বনাথ জিলাৰ অন্তৰ্গত বিশ্বনাথ বিধান সভা সমষ্টিত ২৩১টা কেন্দ্ৰত ১৬৩০৬২ ভোটৰে কাইলৈ ভোটাধিকাৰ সাব্যস্ত কৰিব। ইয়াৰ ভিতৰত ৮২১৪৯গৰাকী পুৰুষ আৰু ৮০৯১২ গৰাকী মহিলা ভোটাৰ। আনহাতে বিহালী বিধান সভা সমষ্টিত ১৭৮ কেন্দ্ৰত ১২৩২৭৯ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব। ইয়াৰ ভিতৰত ৬২৭৬৯ গৰাকী পুৰুষ আৰু ৬০৪৮৩ গৰাকী মহিলা ভোটাৰ।