বিশ্বনাথ জিলাৰ গহপুৰৰ তেলেনি অঞ্চলত শুকুৰবাৰে নিশা এটা হাতীৰ জাকে সন্ত্ৰাস চলাই আতংকৰ সৃষ্টি কৰে।
খবৰ অনুসৰি, তেলেনি প্ৰাথমিক বিদ্যালয়ৰ ভিতৰত প্ৰৱেশ কৰি হাতীৰ জাকটোৱে চাউল আৰু অন্য খাদ্য সামগ্ৰী খাই তহিলং কৰে। ইয়াৰ উপৰিও জাকটোৱে সীমাৰ দেৱাল, কাৰ্যালয় আৰু শ্ৰেণীকোঠাৰ ক্ষতিসাধন কৰে।
যদিও ঘটনাৰ সময়ত কোনো লোক আহত হোৱাৰ খবৰ পোৱা নগ’ল, তথাপিও হাতীৰ প্ৰাকৃতিক বাসস্থানত মানুহৰ কাম-কাজ বৃদ্ধি পোৱাৰ ফলত অসমত মানুহ-হাতী সংঘাত ক্ৰমান্বয়ে সাধাৰণ হৈ পৰিছে।
ইয়াৰ উপৰিও জানিব পৰা মতে গহপুৰৰ দক্ষিণ অংশৰ মেইলবজাৰ, ধোপাবৰ, তেলেনিৰ দৰে স্থানত বনৰীয়া হাতীয়ে বিধ্বংসী ৰূপ ধাৰণ কৰি আছে যদিও বন বিভাগে বন্যহস্তীৰ বিপদ ৰোধ কৰাত দুৰ্ভাগ্যজনকভাৱে ব্যৰ্থ হৈছে।
