বিশ্বনাথত নকল গঁড়ৰ খড়্গসহ ৬ জনক আটক

130

বিশ্বনাথ চাৰিআলিত আৰক্ষীয়ে অভিযান চলাই বৃহস্পতিবাৰে গঁড়ৰ খড়্গসহ ৬ জন চোৰাং ব্যৱসায়িক আটক কৰিবলৈ সক্ষম হয়।

গঁড়ৰ খড়্গটো চোৰাং ব্যৱসায়ীকেইজনে ৭০ লাখ টকাত বিক্ৰী কৰিবলৈ নিয়াৰ সময়তে বিশ্বনাথ আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত অভিযান চলাই চোৰাং ব্যৱসায়ী কেইজনক আটক কৰে।

ধৃত চোৰাং ব্যৱসায়ী কেইজন ক্ৰমে- আছলাম শেখ (আমবাৰী), হামিদ শেখ(আমবাৰী), ঘনশ্যাম গুপ্তা (আমবাৰী), মণ্টু চমুৱা (লেহুগাঁও), জমীৰ ঢালী(বামগাঁও) আৰু গহপুৰৰ কিৰণ দাস বুলি জানিব পৰা গৈছে।

ইফালে ধৃত ব্যক্তি কেইজনৰ পৰা উদ্ধাৰ কৰা গঁড়ৰ খড়্গটো নকল বুলি সন্দেহ কৰিছে আৰক্ষীয়ে। দুটাকৈ জন্তুৰ অংগৰ জৰিয়তে এই নকল খৰ্গটো নিৰ্মাণ কৰা হৈছে বুলি সন্দেহ কৰিছে আৰক্ষীয়ে। অৱশ্যে আনুষ্ঠানিক ভাৱে নিশ্চিত কৰিবলৈ খড়্গটো পৰীক্ষাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰিব বুলি জানিবলৈ দিছে।