অহা ২৬ আৰু ২৭ ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে সদৌ বিশ্বনাথ জিলা কোচ ৰাজবংশী সন্মিলনী আৰু সদৌ বিশ্বনাথ জিলা কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত মহাবীৰ চিলাৰায়ৰ জন্ম জয়ন্তী উদযাপনৰ লগতে জাতি জনগোষ্ঠীৰ সহযোগত সম্বন্বয় অনুষ্ঠান আয়োজনৰ প্ৰস্তুতি চলোৱা হৈছে। সোমবাৰে বিশ্বনাথ নগৰৰ সমীপৰ ‘হোটেল লী’ৰ সভাকক্ষত এখন সংবাদমেল অনুষ্ঠিত কৰি এই কথা জানিবলৈ দিয়ে দুয়োটা সংগঠনৰ নেতৃত্বই।
বিশ্বনাথ চাৰিআলি উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত অনুষ্ঠিত হ’ব লগা এই অনুষ্ঠানৰ বাবে ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে বুলিও উদ্যোক্তা সকলে জানিবলৈ দিয়ে। এই সংবাদ মেলত উপস্থিত থাকে বিশ্বনাথ জিলা সন্মিলনীৰ কমল চন্দ্ৰ ভূঞা, প্ৰদীপ ভূঞা, দাদুল ৰাজখোৱা, নিহাৰ শইকীয়া, কাৰ্ত্তিক ভূঞাৰ লগতে আক্ৰাছুৰ বিশ্বনাথ জিলা আৰু সদৰ আঞ্চলিকৰ নিপম কুমাৰ বৰা, ভাস্কৰ ৰাজখোৱা, মিকু বৰা, বাব্লু শইকীয়া, ঋষভ বৰ্মন, হোমেন বৰ্মন, ৰিপন বৰা, দুদু বৰাকে আদি কৰি বহুকেইজন বিষয়ববীয়া।
