বিশ্বনাথ চাৰিআলিত যুৱকৰ দেহত কোভিড পজিটিভ

53

বিশ্বনাথ চাৰিআলি ৰে’ল ষ্টেছনত সোমবাৰে কোৰোনাত আক্ৰান্ত হয় এজন লোক। বিশ্বনাথ চাৰিআলিৰ পৰা ৰে’লেৰে ৰঙিয়ালৈ আহিব বিচৰা ২৬ বছৰীয়া যুৱকজনৰ ৰেপিড এণ্টিজেন টেষ্টত কোভিড সংক্ৰমণ ধৰা পৰে। যুৱক জনক পৰৱৰ্তী সময়ত ১০৮ৰ জৰিয়তে হোম আইশ্য’লেছনৰ বাবে প্ৰেৰণ কৰা হয়। উল্লেখ্য যে, ৰাজ্যত ক্ৰমাগতভাৱে বৃদ্ধি পাইছে কোৰোনা সংক্ৰমিত ৰোগীৰ সংখ্যা। দেওবাৰৰ দিনটোতে ৰাজ্যত ৩৫২ জনৰ দেহত এই ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।