বিশ্ব স্বাস্থ্য সংস্থাৰ বিস্ফোৰক তথ্য: ভাৰতত প্ৰদান কৰা কোভিশ্বিল্ড ভেকচিনৰ অধিকাংশই ভুৱা

184

কোৰোনাক প্ৰতিহত কৰিবলৈ ভাৰতত তীব্ৰ গতিত আগবাঢ়িছে ভেকচিন টিকাকৰণ অভিযান। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্যনুসৰি ভাৰতত বৰ্তমানলৈকে ৪৮৬ নিযুত কোভিড ভেকচিনৰ ডজ প্ৰদান কৰা হৈছে। কিন্তু তাৰ মাজতে কোভিশ্বিল্ডক লৈ এক বিস্ফোৰক তথ্য প্ৰকাশ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই।

ভাৰতত প্ৰদান কৰা কোভিশ্বিল্ড ভেকচিন ভুৱা বুলি বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰাৰ পিছতে এতিয়া আতংকৰ সৃষ্টি হৈছে। আনহাতে বিশ্ব স্বাস্থ্য সংস্থাৰ এই তথ্য স্বীকাৰ কৰি লৈছে কোভিশ্বিল্ড ভেকচিন নিৰ্মাতা কোম্পানী পুনেৰ ছেৰাম ইনষ্টিটিউটেও। আনহাতে এই ভুৱা ভেকচিন গ্ৰহণৰ ফলত গুৰুতৰ শাৰীৰিক অসুস্থতাই দেখা দিব পাৰে বুলিও সকীয়নী প্ৰদান কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই।

বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰা তথ্য অনুসৰি ২০২১ চনৰ জুলাই আৰু আগষ্ট মাহত ভাৰতৰ পৰা সংগ্ৰহ কৰা কোভিশ্বিল্ড ভেকচিনৰ নমুনা পৰীক্ষা কৰি সেইবোৰৰ প্ৰায় ভাগেই ভুৱা ভেকচিন বুলি প্ৰমাণ পোৱা গৈছে। সেইবাবেই ছেৰাম ইনষ্টিটিউটে আনকি কোভিশ্বিল্ড ভেকচিন লোৱা সকলে ইচ্ছা কৰিলে তৃতীয় এপালি ভেকচিন ল’ব পাৰে বুলিও উল্লেখ কৰিছে।

উল্লেখযোগ্য যে, ভাৰতত নিৰ্মিত কোভিশ্বিল্ড ভাৰতে ৱাগাণ্ডাকে ধৰি আন কেইবাখনো দেশলৈ প্ৰেৰণ কৰিছিল।