বিশ্ব শান্তিৰ বাবে নগাঁৱৰ সাৰ্বজনীন শ্ৰীশ্ৰী বিষ্ণু মন্দিৰত তিনিদিনীয়াকৈ ৰূপালী জয়ন্তী বৰ্ষ “অখণ্ড ভাগৱত পাঠ”ৰ শুভাৰম্ভ

163

ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ বিশ্ব শান্তিৰ বাবে নগাঁও জিলাৰ বেবেজীয়া চাৰিআলিৰ সাৰ্বজনীন আঞ্চলিক শ্ৰীশ্ৰী বিষ্ণু মন্দিৰ প্ৰাংগণত প্ৰতিবছৰে আয়োজিত “অখণ্ড ভাগৱত পাঠ”ৰ চলিত বৰ্ষত ২৫ সংখ্যক বৰ্ষত পদাৰ্পণ কৰিলে। মন্দিৰ পৰিচালনা সমিতিয়ে ভাগৱত পাঠৰ অনুষ্ঠানটি শুকুৰবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে “ৰূপালী জয়ন্তী বৰ্ষ” ৰূপে উদযাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে।

আজি পুৱা আয়তীৰ উৰুলি আৰু ভকতৰ দেৱবাদ্য পৰিবেশনৰে এক মাংগলিক অনুষ্ঠানত ধৰ্মধ্বজা উত্তোলন কৰে নগাঁৱৰ শ্ৰী শ্ৰী কুৰুৱাবাহী সত্ৰৰ সত্ৰাধিকাৰ লাৰুগোপাল দেৱ গোস্বামীয়ে। ভাষণ প্ৰসংগত গোস্বামীয়ে কয় যে ভাৰতীয় দৰ্শনৰ মূল ভেটিয়েই হৈছে আধ্যাত্মিকতাবাদ। আধ্যাত্মিকতাবাদৰ ওপৰত ভিত্তি কৰিয়েই গঢ় লৈ উঠে বিভিন্ন ধৰ্মীয় অনুষ্ঠান। কৃষ্ণ হ’ল সৰ্বশ্ৰেষ্ঠ দেৱতা। কৃষ্ণ নাম লোৱা মানে আমাৰ জীৱনটো গতি পোৱা মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱে মানৱ জাতিক পৰম আত্মাক চিনাকি কৰাবলৈ এক কৃষ্ণ দেৱ নামধৰ্ম প্ৰৱৰ্তন কৰিছিল।

ইয়াৰ উপৰি মন্দিৰৰ লগত ওতঃপ্ৰোতঃভাৱে জড়িত বাণীকান্ত শৰ্মা, ধৰণীকান্ত বৰা, ঘনশ্যাম বৰা, ৰামদেৱ গোস্বামী, নাৰায়ণ বৰা, দেবেন্দ্ৰ নাথ বনিয়া, নৃপেন শইকীয়া, ৰাতুল কাকতি, দিপ বৰা, টংকেশ্বৰ বৰা, প্ৰমোদ শইকীয়া, সোণাৰাম বৰা, নিৰ্মল বৰা, নাৰায়ণ শইকীয়া, কাৰ্তিক নাথ, নাৰায়ণ বৰা, দেৱজিৎ হাজৰিকা, কুশ সুত, বিতুল কাকতি, মিলাদেৱ নাথ, ৰুহিত সুত, যোগেন বৰা, তোলন শইকীয়া, ৰাজু দাস আৰু যাদৱ মেধীৰ দ্বাৰা ২৫খন পতাকা উত্তোলন কৰা হয়।

মন্দিৰৰ সদস্যসকলৰ সোঁৱৰণত “স্মৃতি তৰ্পণ” অনুষ্ঠানটি মুকলি কৰে বেবেজীয়া পণ্ডিত কনক শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ বাণীকান্ত শৰ্মাই আৰু ভাগৱতৰ আদৰণি- স্থাপন তথা মূল বন্তি প্ৰজ্বলন কৰে ব্ৰাহ্মণগাঁৱৰ ভড়ালীচুকৰ গোপাল বৰাই। ইয়াৰ পাছতে খোল প্ৰসংগ,নাম প্ৰসংগ আৰু ভাগৱত পাঠৰ শুভাৰম্ভ কৰা হয়।

৭ মে’ত ভাগৱত পাঠ অবিৰতভাৱে চলি থকাৰ অন্তত ৮মে’ত সামৰণি মৰা হ’ব। সামৰণিৰ দিনা ভাগৱত ভ্ৰমণ কৰাৰ অন্তত বেবেজীয়া আৰু খাটগুৰিৰ আইমাতৃসকলৰ দ্বাৰা সমূহীয়া নাম প্ৰসংগ তথা বিয়লি ধৰ্মধ্বজা অৱনমিতৰে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ সামৰণি মৰা হ’ব বুলি সাৰ্বজনীন আঞ্চলিক শ্ৰীশ্ৰী বিষ্ণু মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি পোনাৰাম বৰা আৰু সম্পাদক পূৰ্ণানন্দ বৰাই জনাইছে।

উল্লেখযোগ্য যে বেবেজীয়াৰ উপৰি খাটগুৰি, কামপুৰ, আইভেটি কমাৰচুক আৰু বগৰিগুৰিৰ পাঠকবৃন্দই তিনিদিনীয়া ভাগৱত পাঠ কাৰ্য কৰিব।