পুনৰ বক্সিং ৰিঙত উজ্বলি উঠিল অসম কন্যা লাভলীনা বৰগোঁহাই।
এইবাৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণজয়ৰে ইতিহাস ৰচনা লাভলীনাৰ।
৭৫ কিলো মহিলা বক্সিঙত সোণৰ পদক জয় কৰে অসম কন্যাগৰাকীয়ে।
ফাইনেলত অষ্ট্ৰেলিয়ান প্ৰতিদ্বন্দ্বী এনি কেটলিন পাৰ্কাৰক ৫-২ৰ ব্যৱধানত পৰাস্ত কৰি স্বৰ্ণিল ইতিহাস ৰচিলে লাভলীনাই।
লাভলীনা বৰগোঁহাইৰ এই সাফল্যৰ পিছতে টুইটযোগে বক্সাৰগৰাকীক অভিনন্দন জনায় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
