বিশ্ব পৰিৱেশ দিৱসত প্ৰকৃতিক ভালপোৱা কমলপুৰৰ এজন ব্যক্তিৰ কথাৰে…

209

পৱন নীল কাশ্যপ, চাংসাৰীঃ আজি বিশ্ব পৰিৱেশ দিৱস। প্ৰকৃতিক জীয়াই তোলাৰ এই বিশেষ দিনটোত প্ৰকৃতিক কম-বেছি পৰিমাণে ভালপোৱা প্ৰতিজন নাগৰিকেই এডাল হলেও গছপুলি আজি ৰোপণ কৰিছে। কিন্তু আমি আজি যিজন ব্যক্তিৰ কথা কবলৈ ওলাইছো, তেওঁ অন্যতকৈ কিছু পৃথক। যোৱাটো লকডাউনৰ পৰা তেওঁ বৰ্তমানলৈকে দুশৰো অধিক গছপুলি ৰোপণ কৰাই নহয়, নিজৰ সন্তানৰ দৰে তাৰ পালনো কৰিছে।

তেওঁৰ নাম হৈছে চন্দ্ৰ তালুকদাৰ। কামৰূপ জিলাৰ কমলপুৰ থানাৰ অন্তৰ্গত সোণাপুৰৰ নিৱাসী চন্দ্ৰ তালুকদাৰে আনৰ ঘৰত হাজিৰা কৰি কোনোমতে পৰিয়াল পোহপাল দিছে। কিন্তু প্ৰকৃতিৰ প্ৰতি দেখুওৱা তেওঁৰ সচেতনতাই এতিয়া বহুতৰে দৃষ্টি আকৰ্ষণ কৰিছে।

নিজৰ ধনেৰে তেওঁ এটা বছৰত দুশৰো অধিক গছপুলি ৰোপণ কৰিছে, তাৰ প্ৰতিপালন কৰিছে। ছাগলী-গৰুৱে খাব নোৱাৰাকৈ নিজৰ জমাধন খৰছ কৰি বেৰ দিছে। তেওঁৰেই প্ৰচেষ্টাত এতিয়া সোণাপুৰৰ বিভিন্ন প্ৰান্তত লহপহকৈ বাঢ়িছে আম-জাম-কঁঠালৰ গছ।

বিশ্ব পৰিৱেশ দিৱসৰ বিশেষ দিনটোত আমি পূৰ্বোত্তৰ অসমীয়ায়ো চন্দ্ৰ তালুকদাৰৰ আশাসুধীয়া প্ৰচেষ্টাৰ শলাগ লৈছো।