বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত মুখ্যমন্ত্ৰী

70

ষ্টাফৰিপৰ্টাৰ, বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ বৃহৎ অংশ সম্প্ৰতি বানপানীত আক্ৰান্ত হৈছে। কাজিৰঙাত বৃহস্পতিবাৰে উপস্থিত হৈ সামগ্ৰিক বান পৰিস্থিতিৰ বুজ লয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।মুখ্যমন্ত্ৰী য়ে কয় ‘বন বিভাগৰ বিষয়া-কৰ্মীসকলে প্ৰশাসন, আৰক্ষী আৰু অন্যান্য সংস্থাসমূহৰ সৈতে মিলি বানাক্ৰান্ত জীৱ-জন্তুক পৰ্যাপ্ত পৰিমাণে খাদ্য যোগান ধৰাৰ লগতে উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰিছে।’
বানপানীৰ ফলত নিজৰ প্ৰাকৃতিক বাসস্থানৰপৰা স্থানান্তৰিত হোৱা বন্যপ্ৰাণীসমূহকে ধৰি সকলো জীৱ-জন্তুৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ ল’বলৈ বিষয়াবৰ্গক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী সোণোৱালে।