বিশিষ্ট শিক্ষাবিদ-পদাৰ্থবিজ্ঞানী ডঃ মহন্ত কুমাৰ কলিতাৰ বিয়োগ : ইলোৰা বিজ্ঞান মঞ্চৰ শোক আৰু শ্ৰদ্ধাঞ্জলি

127


ষ্টাফৰিপোৰ্টাৰ, ১৫ এপ্ৰিল :: অসমৰ এগৰাকী আগশাৰীৰ শিক্ষাবিদ-পদাৰ্থবিজ্ঞানী তথা জনবিজ্ঞান আন্দোলনৰ শীৰ্ষস্থানীয় ব্যক্তি, গুৱাহাটীৰ বেলতলা-সৌৰভ নগৰ নিবাসী ডঃ মহন্ত কুমাৰ কলিতা (৭৬ বছৰ)ৰ বিয়োগত ইলোৰা বিজ্ঞান মঞ্চই গভীৰ শোক প্রকাশ কৰাৰ লগতে গৱেষক বিজ্ঞানী গৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে। মঞ্চই তেওঁলোকৰ শোকবিহ্বল পৰিয়াল আৰু অগণন গুণমুগ্ধৰ প্ৰতিও সমবেদনা জনাইছে। ১৯৪৪ চনৰ জানুৱাৰীত ছয়গাঁও অঞ্চলত জন্মগ্ৰহণ কৰা মহন্ত কলিতাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ১৯৬৯ চনত পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লৈ প্ৰথমে নলবাৰী মহাবিদ্যালয়ত শিক্ষকতা আৰু প্লাজমা ফিজিক্সত গৱেষণা কৰি ১৯৮২ চনত ডক্টৰেট ডিগ্ৰী লাভ কৰে। ১৯৮৪ চনৰ পৰা তেখেতে ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰে ‘ইনষ্টিটিউট অব এডভান্সড ষ্টাডি ইন চায়েন্স এণ্ড টেকনলজী’ (IASST) নামৰ বিজ্ঞান গৱেষণাৰ প্ৰতিষ্ঠানটোৰ সৈতে। প্ৰথমে এগৰাকী গৱেষক বিজ্ঞানী আৰু পাছলৈ ৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি অৰ্জন কৰা প্ৰতিষ্ঠানটোৰ প্ৰশাসনিক বিষয়াৰ দায়িত্ব বহন কৰে। ২০০০-২০০৩ বৰ্ষত তেখেতে গৱেষণা প্ৰতিষ্ঠানটোৰ পঞ্জীয়ক পদত কাৰ্যনিৰ্বাহ কৰে। ইয়াৰ মাজতে কিছু দিনৰ বাবে সঞ্চালকৰ দায়িত্বও বহন কৰিব লগা হয়। দৰাচলতে প্ৰতিষ্ঠানটোৰ উন্নয়ন তথা শ্ৰীবৃদ্ধিৰ ক্ষেত্ৰত ডঃ মহন্ত কুমাৰ কলিতাৰ অৱদান আছিল অনন্য আৰু অতুলনীয়। তেখেতৰ একক প্ৰচেষ্টা আৰু অক্লান্ত শ্ৰমৰ ফলতে অনুষ্ঠানটোয়ে ৰাষ্ট্রীয় পৰ্যায়ত সুখ্যাতি অৰ্জন কৰে। ডঃ কলিতাই বিজ্ঞান বিষয়ক কেইবাখনো গ্রন্থ ৰচনা কৰাৰ উপৰি জাতীয় আৰু আন্তৰ্জাতিক পৰ্যায়ৰ বহু কেইখন বিজ্ঞান আলোচনীত লেখা-মেলা কৰিছিল।
অসমত জনবিজ্ঞান আন্দোলনৰ অন্যতম গুৰি ধৰোঁতা আছিল ডঃ মহন্ত কলিতা। অসম বিজ্ঞান সমিতিৰ প্ৰধান সচিব (১৯৮৫-৮৭) আৰু কাৰ্যকৰী সভাপতি (১৯৯৪-৯৬)ৰ পদত কাৰ্যনিৰ্বাহ কৰা ডঃ কলিতাই সদৌ ভাৰত জনবিজ্ঞান নেটৱৰ্ক (এ আই পি এছ এন)ৰ সৈতে প্ৰতিষ্ঠা কালৰ পৰাই সক্ৰিয়ভাৱে যুক্ত হৈ পৰে। ১৯৮৭ চনত প্রথম আয়োজিত হোৱা ভাৰত জন বিজ্ঞান যাত্ৰাৰ উত্তৰ পূৰ্বাঞ্চলৰ তেখেত আছিল সম্পাদক তথা অন্যতম সংগঠক। মৃত্যুৰ সময়লৈকে অসমৰ এ আই পি এছ এনৰ ৰাজ্যিক সমন্বয় সমিতিৰ তেখেত আছিল সভাপতি। তদুপৰি ‘সকলোৰে বাবে স্বাস্থ্যৰ অধিকাৰ’ৰ দাবীত গঢ় লৈ উঠা ‘জনস্বাস্থ্য অভিযান’ নামৰ সৰ্বভাৰতীয় নেটৱৰ্ক সংগঠনটোৰ অসম শাখাৰ সভাপতিৰ দায়িত্বতো ডঃ কলিতাই কাৰ্যনিৰ্বাহ কৰিছিল।

যুক্তিবাদী আৰু বিজ্ঞানমনস্ক ডঃ মহন্ত কুমাৰ কলিতাই ইলোৰা বিজ্ঞান মঞ্চৰ সৈতে নিবিড় সম্পৰ্ক গঢ়ি তুলিছিল আৰু বৈজ্ঞানিক মানসিকতা প্ৰসাৰত ব্ৰতী অনুষ্ঠানটোৰ অন্যতম উপদেষ্টা আছিল। তেখেতৰ বিয়োগত জনবিজ্ঞান আন্দোলনৰ যথেষ্ট ক্ষতি হ’ল বুলি ইলোৰা বিজ্ঞান মঞ্চই প্ৰকাশ কৰা এটা বিবৃতিত উল্লেখ কৰা হয়। মঞ্চই ডঃ কলিতাৰ স্মৃতিত গভীৰ শ্ৰদ্ধা নিবেদন কৰাৰ লগতে প্ৰয়াত কলিতাৰ পত্নী মনোমতী কলিতা, তিনিজন পুত্ৰ ক্ৰমে মানস, উৎপল আৰু ত্ৰিদিব কলিতা সহ বোৱাৰী, নাতি-নাতিনী, আত্মীয়-স্বজন আৰু গুণমুগ্ধসকলৰ প্ৰতি সমবেদনা জনাইছে। এ আই পি এছ এনৰ সৰ্বভাৰতীয় কাৰ্যনিৰ্বাহক কমিটিয়েও এটা সুকীয়া বিবৃতিৰ জৰিয়তে ডঃ মহন্ত কুমাৰ কলিতাৰ বিয়োগত গভীৰ শোক প্ৰকাশ আৰু শ্ৰদ্ধা নিবেদন কৰিছে।