বিশিষ্ট বাঁওপন্থী লেখক-বুদ্ধিজীৱী অনিল ৰায়চৌধুৰীৰ মৃত্যুত কা বিৰোধী সমন্বয় সমিতিৰ শোক প্ৰকাশ

72

ষ্টাফ ৰিপোৰ্টাৰ, ১ মে’ : বিশিষ্ট বাঁওপন্থী লেখক-বুদ্ধিজীৱী অনিল ৰায়চৌধুৰী(৯৪ বছৰ)ৰ ১ মে’ৰ পুৱা ৪ বজাত গুৱাহাটী-চানমাৰিৰ নিজ বাসভৱনত জীৱনাৱসান হয়। তেওঁৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু প্ৰয়াত লেখক-চিন্তাবিদ গৰাকীৰ স্মৃতিৰ প্ৰতি শ্ৰদ্ধা যাচিছোঁ। অনিল ৰায়চৌধুৰিৰ বিয়োগত কেৱল অসমৰ বাওঁপন্থী শিবিৰেই নহয় অসমৰ বৌদ্ধিক জগতে এজন মৌলিক চিন্তাত অগ্ৰণী, নিষ্ঠাবান আৰু অভিজ্ঞ ব্যক্তি হেৰুৱালে।
অসমৰ সমাজ জীৱন আৰু বিশেষকৈ শংকৰদেৱ সম্পৰ্কীয় তেওঁৰ বিশ্লেষণ আছিল অতুলনীয় ।
মৃত্যুৰ সময়লৈকে তেওঁ বাওঁ শিবিৰৰ গতিপথ সম্পৰ্কে আৰু তাৰ নানা সমস্যাৰ সমাধানৰ উপায় সম্পৰ্কে একাগ্ৰ আৰু গভীৰ চিন্তা-চৰ্চাত মগ্ন আছিল। ডেকা সকলেও নানা বিষয়ে তেওঁৰ পৰামৰ্শক গুৰুত্ব দিছিল। তেওঁৰ শোকবিহ্বল পৰিয়াল আৰু গুণমুগ্ধসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছোঁ বুলি এক বিবৃতি যোগে কয় সমিতিৰ সভাপতি
ডঃ হীৰেণ গোহাঁই আৰু সমন্বয়ক দেবেন তামুলীয়ে।