বুধবাৰে পুৱা প্ৰায় ৮.৩০ বজাত নগাঁৱৰ মাধৱদেৱ পথস্থিত নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে জ্যেষ্ঠ অনাঁতাৰ শিল্পী তথা অভিনেতা নৰেন্দ্ৰ নাথ ভট্টাচাৰ্যই। নগাঁও চহৰত চুন্নী ভট্টাচাৰ্য হিচাপে পৰিচিত বিশিষ্ট অভিনেতাগৰাকী আছিল সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্যৰ কনিষ্ঠ ভাতৃ। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮০ বছৰ।
নৰেন্দ্ৰ নাথ ভট্টাচাৰ্যৰ মৃত্যুৰ বাতৰি প্ৰচাৰ হোৱাৰ লগে লগে অগণন লোকৰ সমবেশ ঘটে বাসভৱনলৈ৷ উচ্চ শিক্ষা গ্ৰহণৰ পিছত ভট্টাচাৰ্যই শিক্ষকতা আৰম্ভ কৰাৰ সমান্তৰালভাৱে অনাতাঁৰ শিল্পী হিচাপেও কাম কৰিছিল৷ শেহতীয়াকৈ তেওঁ শিল্পী পেঞ্চনো লাভ কৰিছিল ৰাজ্য চৰকাৰৰ পৰা।
বীনাপানী নাট্যমন্দিৰৰে জড়িত থকা নৰেন্দ্ৰ নাথ ভট্টাচাৰ্য অসমীয়া বোলছবি, ধাৰাবাহিক আদিতো অভিনয় কৰিছিল৷ সামাজিক কাম কাজৰ লগতে সততে জড়িত হৈ থকা প্ৰয়াত ভট্টাচাৰ্যই সহজতে মানুহৰ লগত বন্ধুত্ব গঢ়ি তুলি ল’ব পৰা গুনৰ অধিকাৰী আছিল৷
