বিলুপ্তি ঘটিল ছেবা,শিক্ষা সাংসদ

105

নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি প্ৰযোজ্য হোৱাৰ পিছতে বিলুপ্তি ঘটিল ছেবা, শিক্ষা সাংসদ। তাৰ পৰিৱৰ্তে ঘোষণা হ’ল অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ। নতুনকৈ গঠন হোৱা পৰিষদৰ নতুন অধ্যক্ষৰ দায়িত্ব থাকিব ৰমেশ চান্দ জৈন আৰু উপাধ্যক্ষ পদত থাকিব ৰুক্ম গোহাঁই বৰুৱা।এই ব’ৰ্ড গঠন হোৱাৰ লগে লগে ভাগ কৰা হ’ব দুটা ডিভিজনত। ডিভিজন ১ত থাকিব ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ। ডিভিজন ২ থাকিব একাদশ আৰু দ্বাদশ শ্ৰেণী। এতিয়াৰে পৰা মেট্ৰিকৰ সলনি হ’ব দশম শ্ৰেণীৰ পৰীক্ষা। এই পৰীক্ষাত নাথাকিব কোনো ডিভিজন। থাকিব কেৱল গ্ৰেডিং পদ্ধতি। গ্ৰেড পদ্ধতিৰ কিদৰে শতাংশ নিৰূপণ কৰা হ’ব এই সিদ্ধান্ত এতিয়ালৈ হোৱা নাই।