বিলাসীপাৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ পথ দুৰ্ঘটনা।
নিয়ন্ত্ৰণ হেৰুৱাই পানীত বাগৰি পৰিল তীব্ৰ বেগী টেম্পো দুৰ্ঘটনাত থিতাতে নিহত হয় এগৰাকী মহিলা ।
নিহত মহিলা গৰাকীৰ ঘৰ কাঠালদি চৰৰ মনোৱাৰা বিবি বুলি চিনাক্ত।
দুৰ্ঘটনাগ্ৰস্ত টেম্পো খনৰ নম্বৰ হৈছে AS 17C-2254 ।
টেম্পত থকা পাঁচজন মান আহতক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
তীব্ৰ বেগী টেম্পোখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰে পানীত ।
এই ঘটনাই সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে ।
