বিলাসীপাৰাত আৰক্ষীৰ এনকাউণ্টাৰত নিহত চোৰাং গৰু ব্যৱসায়ী

110

ৰাজ্যত পুনৰ এনকাউণ্টাৰ। এইবাৰ বিলাসীপাৰাত আৰক্ষীৰ গুলীত নিহত হ’ল চোৰাং গৰু ব্যৱসায়ী। আনহাতে আৰক্ষীৰ এনকাউণ্টাৰত আহত হৈছে আন এজন চোৰাং গৰু ব্যৱসায়ী।

জানিব পৰা মতে, বিলাসীপাৰাত AS 17 E 0837 নম্বৰৰ টাটা ইণ্ডিগ’ বাহনত চোৰাং গৰু আৰু নিচাজাতীয় সামগ্ৰীৰ সন্ধান পাই আৰক্ষীয়ে বাহনখন ৰখাবলৈ নিৰ্দেশ দিয়ে। কিন্তু আৰক্ষীৰ নিৰ্দেশ অমান্য কৰি চোৰাং গৰু ব্যৱসায়ী কেইজনে তীব্ৰ গতিত সেই স্থানৰ পৰা পলায়নৰ চেষ্টা কৰে। আনহাতে আৰক্ষীৰ দলটোক বাহনেৰে খুন্দা মৰাৰ লগতে গুলীচালনা কৰাত উপায়ন্তৰ হৈ আৰক্ষীয়েও গুলীচালনা কৰিবলৈ বাধ্য হয়।

আৰক্ষীৰ গুলীত ছাকান আলী নামৰ চোৰাং ব্যৱসায়ী জন নিহত হোৱাৰ লগতে আহত হৈছে নাছিৰ আলী নামৰ আন এজন। আনহাতে গৰু সৰবৰাহ কৰা বাহনখনো আৰক্ষীৰ গুলীয়ে থকাসৰকা কৰে।

আনহাতে গাড়ীখনৰ পৰা নিচাজাতীয় দ্ৰব্যসহ দুটা গৰু উদ্ধাৰ কৰে। ইয়াৰে এটা গৰু মৃত আৰু আনটো চিকিৎসাধীন হৈ আছে।