গোধৰা কাণ্ডৰ সময়ত দলবদ্ধ ধৰ্ষণৰ বলি হোৱা বিলকিছ বানোৱে তেওঁৰ দলবদ্ধ ধৰ্ষণৰ বাবে দোষী সাব্যস্ত হোৱা ১১ জন লোকক মুকলি কৰি দিয়াৰ প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদনৰ জৰুৰী শুনানি বিচৰা দাখিলসমূহ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে উচ্চতম ন্যায়ালয়ে।
বানোৰ অধিবক্তাক এই আবেদন তালিকাভুক্ত হ’ব বুলি আশ্বাস দি ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে কয় যে, “অনুগ্ৰহ কৰি একেটা কথা বাৰে বাৰে উল্লেখ নাথাকিব। ই অতি বিৰক্তিকৰ।”
