বিয়াৰ বাবে জোৰ দিয়াৰ বাবেই বিবাহিত প্ৰেমিকে হত্যা কৰি টুকুৰা টুকুৰকৈ কাটি মাটিত পুতি থলে প্ৰেমিকাক

145

দেশত পুনৰ সংঘটিত হৈছে প্ৰেমজনিত আন এক অপৰাধ। এইবাৰ প্ৰেমৰ জালত ফচাই এগৰাকী যুৱতীক নৃশংসভাৱে হত্যা কৰি মৃতদহ টুকুৰা টুকুৰকৈ কাটি পুতি থলে এজন পাষণ্ড বিবাহিত পুৰুষে। এই ঘটনা সংঘটিত হৈছে ওড়িশাৰ নবাৰংপুৰক জিলাত।

তথ্য অনুসৰি মৃত জনজাতীয় যুৱতীগৰাকীৰ বয়স আছিল ২২ বছৰ। যুৱতীগৰাকীৰ পিতৃয়ে বুধবাৰে কন্যা ঘৰৰ পৰা ওলাই অহাৰ কথা জানিবলৈ দিয়ে। যুৱতীগৰাকী বহুদিন ঘৰলৈ উভতি নোযোৱাৰ পিছত পৰিয়ালৰ লোকে তেওঁক লৈ চিন্তিত হৈ পৰে। ইয়াৰ পিছতে গাঁৱৰ ৰাইজৰ লগতে পৰিয়ালৰ লোকে ওচৰ-চুবুৰীয়া অঞ্চলত যুৱতীগৰাকীক বিচাৰিবলৈ আৰম্ভ কৰে। সকলোতে বিচাৰ খোচাৰ কৰাৰ পিছতো ছোৱালীজনীৰ কোনো সন্ধান নোপোৱাত পৰিয়ালে যুৱতীগৰাকীৰ নিৰুদ্দেশ হোৱাৰ খবৰ আৰক্ষীক দাখিল কৰে।

আনহাতে, ৰায়ঘৰ মহকুমা আৰক্ষী বিষয়া আদিত্য সেনে কয় যে পৰিয়ালৰ সদস্যৰ অভিযোগৰ ভিত্তিত গোচৰটোৰ তদন্ত আৰম্ভ কৰা হৈছে। ইয়াৰ পিছতে বৰাংপুৰ জিলাৰ এখন বনাঞ্চলৰ পৰা উদ্ধাৰ কৰে যুৱতীগৰাকীৰ মৃতদেহ। যুৱতীগৰাকীক কিমান কষ্টদায়ক মৃত্যু দিয়া হৈছিল, তাৰ পৰাই অনুমান কৰিব পাৰি যে তেওঁৰ শৰীৰটো সৰু সৰু টুকুৰা কৰি কাটি পেলোৱা হৈছিল। জানিব পৰা মতে মৃতদেহটো ৩১টা ভাগত কাটি মাটিৰ তলত পুতি থোৱা হৈছিল। আৰক্ষীৰ তদন্তৰ সময়ত উদ্ধাৰ হয় মৃতদেহৰ অংগ।

এই সন্দৰ্ভত আৰক্ষীয়ে যুৱতীগৰাকীৰ প্ৰেমৰ সম্পৰ্ক থকা ব্যক্তিজনক গ্ৰেপ্তাৰ কৰিছে। তেওঁৰ লগতে তেওঁৰ পত্নীকো গ্ৰেপ্তাৰ কৰা হৈছে। জানিব পৰা মতে ধৃত ব্যক্তিজনৰ ৫টা সন্তানো আছে। স্বামী-স্ত্ৰীয়ে মিলি যুৱতীগৰাকীক হত্যা কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। আৰক্ষীৰ মতে, বুধবাৰে যুৱতীগৰাকীয়ে প্ৰেমিকৰ ঘৰলৈ গৈ প্ৰেমিকক বিয়া কৰাবলৈ হেঁচা প্ৰয়োগ কৰিছিল। ইয়াৰ পিছত প্ৰেমিকজনে পত্নীৰ সৈতে তেওঁক হত্যা কৰে।

বৰ্তমান আৰক্ষীয়ে যুৱতীগৰাকীৰৰ মৃতদেহৰ অংগসমূহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ বিপৰীতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অভিযুক্তক জেৰা কৰি হত্যাকাণ্ডৰ ৰহস্য সমাধান কৰাত ব্যস্ত আছে। এই ঘটনাই যুৱতীগৰাকীৰ পৰিয়ালৰ মাজত হাহাকাৰৰ সৃষ্টি কৰিছে। আনহাতে, এই ঘটনাই পুনৰবাৰ শ্ৰদ্ধা হত্যাকাণ্ডৰ স্মৃতি কঢ়িয়াই আনিছে। য’ত শ্ৰদ্ধাৰ প্ৰেমিকে তেওঁক হত্যা কৰি মৃতদেহ টুকুৰা টুকুৰ কৰি পেলাইছিল।