বিয়াৰ পৰা উভতি অহাৰ পথতে ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যুক সাৱটি লয় একে পৰিয়ালৰ ৭ সদস্যসহ কমেও ১২ জন লোকে। দুখন বাছৰ সংঘৰ্ষত গুৰুতৰভাৱে আহত হয় আন ৭ জন।
দেওবাৰে ওড়িশাত এই মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হয়। মুখ্যমন্ত্ৰী নবীন পাটনাইকে মৃতকৰ বাবে ৩ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে। আহতসকলৰ চিকিৎসাৰ বাবেও বিশেষ ধন আবণ্টন দিয়া হৈছে।
জানিব পৰা মতে, বেৰহামপুৰৰ সমীপত এখন বিয়ালৈ গৈছিল বাসবোঝাই আত্মীয়। বিয়াৰ পৰা ঘৰলৈ উভতি আহোঁতে গভীৰ নিশা সংঘটিত হয় এই দুৰ্ঘটনা। বেৰহামপুৰ-তাপতাপানী পথত বিয়েবাৰী বাছখনে আন এখন যাত্ৰীবাহী বাছৰ সৈতে সংঘৰ্ষত লিপ্ত হয়।
জানিব পৰা মতে, থিতাতে ১২ জন লোকৰ মৃত্যু হয়। নিহতসকলৰ ভিতৰত একেটা পৰিয়ালৰ ৭ জন সদস্য আছে বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। বাছ সংঘৰ্ষত আৰু ৭ জন লোকো আহত হয়। ইতিমধ্যে কেইবাখনো চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। দুজন লোকৰ অৱস্থা সংকটজনক হোৱাত কটকৰ এখন চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে। দুৰ্ঘটনাটোৰ বাবে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।
এই মৰ্মান্তিক ঘটনাৰ বিষয়ে জানিব পাৰি টুইটাৰ যোগে ৰাজ্যৰ মুখ্যমন্ত্রীগৰাকীয়ে দুখ প্রকাশ কৰে৷ মৃতকৰ কাষত থিয় হোৱাৰ বাৰ্তাৰে তেওঁ আহতসকলৰ আশু আৰোগ্য কামনা কৰে। ইয়াৰ পিছতে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে ঘোষণা কৰে যে মৃতকৰ পৰিয়ালক ৩ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব। লগতে জনা যায় যে বিশেষ সাহায্য আয়োগে আহতসকলৰ প্ৰতিজনৰ চিকিৎসাৰ বাবে ৩০ হাজাৰ টকা আবণ্টন দিছে।
