বিমানৰ ভিতৰত মহিলা সহযাত্ৰীৰ ওপৰত প্ৰস্ৰাৱ! এয়াৰ ইণ্ডিয়াই ৪ মাহৰ বাবে নিষিদ্ধ কৰিলে অভিযুক্ত শংকৰ মিশ্ৰক…

220

বিমানৰ ভিতৰত মহিলা সহযাত্ৰীৰ ওপৰত প্ৰস্ৰাৱ কৰা মুম্বাইৰ শংকৰ মিশ্ৰক চাৰি মাহৰ বাবে নিষিদ্ধ কৰিলে বিমান সংস্থা এয়াৰ ইণ্ডিয়াই।

বৃহস্পতিবাৰে বিমান সংস্থাটোৰ এগৰাকী বিষয়াৰ উদ্ধৃতি দি এই বাতৰি প্ৰকাশ কৰিছে এএনআইয়ে।

উল্লেখ্য যে, ২০২২ৰ ২৬ নৱেম্বৰত এগৰাকী বৃদ্ধ মহিলা সহযাত্ৰীৰ গাৰ ওপৰত প্ৰস্ৰাৱ কৰিছিল শংকৰ মিশ্ৰ নামৰ যুৱকজনে।

নিউয়ৰ্কৰ পৰা নতুন দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ ভিতৰত সংঘটিত হৈছিল এই নিৰ্লজ্জ ঘটনা।

সেই সময়ত সুৰাপান কৰি আছিল শংকৰ মিশ্ৰই।