কোভিডৰ ভয়াবহ গণ সংক্ৰমনে আকৌ এবাৰ আতংকিত কৰিছে দেশবাসীক। বিশেষকৈ বহিঃৰাষ্ট্ৰৰ পৰা বিমান যাত্ৰাৰে ভাৰতত উপস্থিত হোৱা যাত্ৰীৰ দেহত কোভিডৰ সংক্ৰমণ অধিক দেখা গৈছে।
শুকুৰবাৰে ইটালীৰ পৰা পঞ্জাৱৰ অমৃতসৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হোৱা এখন বিমানৰ ১৫০ গৰাকী যাত্ৰীৰ দেহত কোভিড পজিটিভ ধৰা পৰে। বিমানখনৰে মুঠ ২৯০ জন যাত্ৰী মিলান চহৰৰ পৰা পঞ্জাৱত উপস্থিত হৈছিল।
কোভিড আক্ৰান্ত সকলক পঞ্জাৱতে আছুটীয়াকৈ ৰখাৰ ব্যৱস্থা কৰা হৈছে। উল্লেখ্য যে, বৃহস্পতিবাৰেও ইটালীৰ পৰা ভাৰতত উপস্থিত হোৱা এখন আন্তৰ্জাতিক চাৰ্টাৰ্ড বিমানৰ ১৭০ জন যাত্ৰীৰ ভিতৰত ১২৫ জন সংক্ৰমিত হৈছিল।
উল্লেখ্য যে, দেশত কোৰোনা ভাইৰাছৰ ঘটনা দ্ৰুতগতিত বৃদ্ধি পাইছে। যোৱা ২৪ ঘণ্টাত ১১৭,০৯৪ জন লোক নতুনকৈ কোৰোনাত আক্ৰান্ত হয়। ইয়াৰ উপৰিও, কোৰোনাৰ ফলত যোৱা এটা দিনত ৩০২ জন লোকে প্ৰাণ হেৰুৱাইছে।
ইফালে, দেশত অমিক্ৰন আক্ৰান্তৰ সংখ্যা ৩০১০ জনলৈ বৃদ্ধি হৈছে। মহাৰাষ্ট্ৰ আৰু দিল্লীত সৰ্বাধিক ৮৭৬ আৰু ৪৬৫ জন অমিক্ৰনত আক্ৰান্ত হৈছে। ইফালে এই মহামাৰীৰ পৰা এতিয়ালৈকে ১১৯৬ জন ৰোগী আৰোগ্য হৈছে।
