বিভিন্ন ৰাজনৈতিক দল ত্যাগ কৰি ডেৰশ যুৱক-যুৱতীয়ে যোগদান কৰিলে কংগ্ৰেছত

130

 বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধী দললৈ আগমন ঘটিছে বিভিন্ন দলৰ যুৱ শক্তিৰ। শুকুৰবাৰে নগাঁৱত বিভিন্ন ৰাজনৈতিক দল ত্যাগ কৰি ডেৰশ যুৱক-যুৱতীয়ে আনুষ্ঠানিকভাৱে যোগদান কৰিলে কংগ্ৰেছত।ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন ক্ৰমাৎ যিমানে চমু চাপি আহিছে, সিমানেই ৰাজনৈতিক দলসমূহ তৎপৰ হৈ পৰিছে। নগাঁৱৰ সদৰ সমষ্টিৰ নগাওঁ পৌৰ ব্লক কংগ্ৰেছ কমিটীৰ কাৰ্যালয় সঞ্জয় ভৱনত বিভিন্ন ৰাজনৈতিক দল ত্যাগ কৰি ডেৰশ গৰাকী যুৱক-যুৱতীয়ে আনুষ্ঠানিকভাৱে যোগদান কৰিলে বিৰোধী দল কংগ্রেছত।নগাঁওস্থিত সদৰ ব্লক কাৰ্যালয়ত অনুষ্ঠিত হোৱা এই বিশেষ যোগদান সভাত নগাঁও সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱা, নগাঁও জিলা কংগ্ৰেছৰ সভাপতি তপন কুমাৰ শৰ্মা সহিতে কংগ্ৰেছৰ কৰ্মীসকল উপস্থিত থাকে।