বিভিন্ন স্থানত আর্তজনক সহায়ৰ হাত ‘সহযোগ অসম’ৰ ‘:প্ৰায় ২০০০ লোকক খাদ্য সামগ্ৰী বিতৰণ

64

ষ্টাফৰিপোৰ্টাৰ, ২০ মে’ : লকডাউনৰ সময়চোৱাত অসহায় তথা দুখীয়া পৰিয়ালৰ মাজত সৃষ্টি হোৱা খাদ্য সংকটৰ প্ৰতি লক্ষ্য ৰাখি স্বেচ্ছাসেৱী সংস্থা ‘সহযোগ অসমে’ অসমৰ বিভিন্ন জিলাত ২৮ মাৰ্চৰ পৰা খাদ্য সামগ্ৰী বিতৰণ কৰি আহিছে।প্ৰথম পৰ্যায়ত এই বিতৰণ কাৰ্য কেৱল অসহায় আৰু অকলশৰীয়াকৈ থকা ৬৫ বছৰৰ ঊৰ্ধৰ ব্যক্তিসকলৰ মাজতে সীমাবদ্ধ আছিল যদিও ৬ এপ্ৰিলৰ পৰা বিভিন্ন ঠাইৰ প্ৰায় ২০০০ লোকক খাদ্য সামগ্ৰী বিতৰণ কৰি কিছু সকাহ দিবলৈ চেষ্টা কৰে। গুৱাহাটীতো সংস্থাৰ অধ্যক্ষা পূৰৱী বৰুৱাৰ লগত ইনু শৰ্মা, বৰুণজ্যোতি বৰুৱা, তাৰিণী ডেকা, চুমকি বৰ্মণ, পল্লৱী হাজৰিকা আৰু গিৰি দত্তই কেইবাটাও বস্তি অঞ্চলৰ প্ৰায় ৮০০ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে। লকডাউনৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত সহযোগ অসমে গুৱাহাটীৰ শ্ৰীমন্তপুৰ, চিলাৰায় নগৰ, আৰিকাটি বস্তি, মালীবাগান, কৈলাশপুৰ,নৱগ্ৰহ , বাপুজী নগৰ, শকুন্তলা পুখুৰী পাৰ, কিৰগিল, ভঙাগড়, শংকৰ নগৰ, খানাপাৰা, নিজৰাপাৰ, আজাৰা আদি অঞ্চলত খাদ্য সামগ্ৰী বিতৰণেৰে খাদ্যৰ অভাৱ দূৰ কৰিবলৈ চেষ্টা কৰাৰ লগতে শাৰীৰিক দূৰত্ব বজাই ৰখা তথা ছেনিটাইজাৰৰ ব্যৱহাৰ সম্পৰ্কেও সচেতনতা আনিবলৈ চেষ্টা কৰে । বিতৰণৰ এই কাৰ্যত সহযোগ অসমক বিশেষভাৱে সহায় কৰে অসম চৰকাৰৰ পৰিবহণ আৰু উদ্যোগ বিভাগৰ সচিব পৱিত্ৰ ৰাম খাউণ্ড, কামৰূপ মেট্ৰৰ উপ-আয়ুক্ত অতুল চন্দ্ৰ শৰ্মা আৰু অতিৰিক্ত উপায়ুক্ত ৰাতুল চন্দ্ৰ পাঠকে। তদুপৰি বুবলু খাউণ্ড, অনজিত বৰা, সন্দীপ সেথি, ড৹ গীতাঞ্জলি বৰুৱা দত্ত, ৰসেশ্বৰী হাজৰিকা বৰুৱা, লাৱণ্য হাজৰিকা, অনুজ ডেকা, উজ্জ্বল দত্ত, ৰাজেশ দাস, সুৰভি খাউণ্ড, বৰুণজ্যোতি বৰুৱা আদিয়ে খাদ্য বস্তু যোগানেৰে সহযোগিতা আগবঢ়ায়।আনহাতে খাদ্য সামগ্ৰী বিতৰণৰ লগতে অসমৰ বিভিন্ন ঠাইত সহযোগ অসমৰ সদস্যসকলে ছেনিটাইজকৰণৰ কাৰ্যসূচীও হাতত লয়। লকডাউনৰ সময়চোৱাত এই কাৰ্যসমূহত অংশ লয় পৰশমণি কাকতি, সুৰভি খাউণ্ড, টঙ্কেশ্বৰ কলিতা, সঞ্জয় বৰুৱা, মাধুৰ্য শইকীয়া, দীপু দাস, প্ৰকাশ সাহা আদিয়ে।
তদুপৰি প্ৰব্ৰজিত শ্ৰমিকসকলক সহযোগ অসমৰ সহযোগী সদস্যসকলে দেশৰ বিভিন্ন স্থানত খাদ্য যোগানকে ধৰি আন প্ৰয়োজনীয় কামত সহায় প্ৰদানেৰে কিছু সকাহ দিবলৈ চেষ্টা কৰা বুলিও সংস্থাৰ ফালৰ পৰা এক বিবৃতি যোগে জানিবলৈ দিয়ে।