বিবাহৰ ৩৫ বছৰ পিছত তিনিটাকৈ সন্তান জন্ম দি মাতৃত্বৰ গৌৰৱ অৰ্জন কৰিলে কেৰালাৰ এগৰাকী মহিলাই

118

মাতৃত্ব এনে এক গৌৰৱ, যি গৌৰৱ পৃথিৱীৰ প্ৰতিগৰাকী মহিলাই জীৱনত এবাৰ লাভ কৰিব বিচাৰে।

কিন্তু কেতিয়াবা এই গৌৰৱ লাভৰ পৰা বঞ্চিত হবলগা হয় মহিলা। তেতিয়া বিবাহৰ পিছতো গোটেই জীৱন এক দুখবোধে ক্ৰিয়া কৰি থাকে তেওঁলোকৰ মাজত।

কেৰেলাৰ এগৰাকী মহিলাইও মাতৃত্বৰ অনাবিল সুখ লাভ কৰিবলৈ বিবাহৰ পিছত হাহাকাৰ কৰিছিল। চিকিৎসক, মন্দিৰৰ দুৱাৰে দুৱাৰে এটি সন্তানৰ মুখ দেখাৰ হেঁপাহত মূৰ দোৱাই ফুৰিছিল।

সময় লাগিল! কিন্তু অৱশেষত পূৰণ হল মহিলাগৰাকীৰ মাতৃত্বৰ গৌৰৱ লাভৰ হাবিয়াস। বিবাহৰ সুদীৰ্ঘ ৩৫ বছৰৰ পিছত আৰু ৫৫ বছৰ বয়সত একেলগে তিনিটাকৈ সন্তান জন্ম দি মাতৃ হোৱাৰ গৌৰৱ হোৱাৰ অৰ্জন কৰিলে মহিলাগৰাকীয়ে।

কেৰালাৰ মুভাতুপুঝা চহৰৰ জৰ্জ এণ্টানা আৰু চিচিৰ বিবাহ সম্পন্ন হৈছিল ১৯৮৭ চনত। বিবাহৰ পিছত দুই পতি-পত্নীয়ে এটি সন্তান লাভৰ বাবে হাবাথুৰি খাইছিল। দেশৰ বাহিৰতো তেওঁলোকে চিকিৎসা গ্ৰহণ কৰিছিল। বিভিন্ন দেৱ-দেৱীৰ মন্দিৰত মূৰ দোৱাই প্ৰাৰ্থনা জনাইছিল।

সেই প্ৰাৰ্থনাই যেন সুদীৰ্ঘ ৩৫ বছৰৰ পিছত ফল দিলে। দুটি ল’ৰা আৰু এটি ছোৱালী সন্তানে এতিয়া ভৰাই তুলিছে তেওঁলোকৰ সংসাৰ।