এগৰাকী বিবাহিতা যুৱতীৰ সৈতে যুৱকজনৰ প্ৰেমৰ সম্পৰ্ক আছিল। কেতিয়াবা যৌন সম্পৰ্কও কৰিছিল। যুৱতীগৰাকী যেতিয়া গৰ্ভৱতী হয় তেতিয়া তেওঁ তাইক বিয়াৰ বাবে হেঁচা প্ৰয়োগ কৰে। যিটো যুৱকজনে একেবাৰেই ভাল নাপালে। অভিযোগ অনুসৰি, ইয়াৰ পিছত প্ৰেমিকজনে বিবাহিতা প্ৰেমিকাক শিলেৰে আঘাত কৰি হত্যা কৰে। এই ঘটনাত অভিযুক্ত প্ৰেমিক আৰু তেওঁৰ চাৰিজন সংগীক গ্ৰেপ্তাৰ কৰিছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে।
যোগীৰাজৰ মীৰাট জিলাত সংঘটিত হৈছে এই ঘটনা। মৃত যুৱতীগৰাকীৰ নাম ৰামবিৰি। ২০১৫ চনত বিনোদ নামৰ এজন ব্যক্তিৰ সৈতে বিবাহপাশত আবদ্ধ হয় ৰামবিৰি। অৱশ্যে কেইবছৰমানৰ পাছত স্বামীৰ পৰিয়াল এৰি দেউতাকৰ ঘৰলৈ গুচি যায়। কিছুদিনৰ পাছত তেওঁ আদেশ নামৰ যুৱক এজনৰ লগত প্ৰেমৰ সম্পৰ্ক আৰম্ভ কৰে। শেহতীয়াকৈ গৰ্ভৱতী হৈছিল যুৱতীগৰাকী। সেয়ে তেওঁ প্ৰেমিকক বিয়াৰ বাবে হেঁচা দি আছিল। অৱশ্যে আদেশে এই বিয়াত সন্মতি নিদিলে। ইয়াৰ পিছত তেওঁ চাৰিজন বন্ধুৰ সৈতে ৰামবিৰীক হত্যা কৰাৰ পৰিকল্পনা কৰে।
২ জুলাইত আদেশে যুৱতীগৰাকীক নিজৰ ঘৰলৈ মাতিছিল। তাতে যুৱতীগৰাকীৰ মূৰত গধুৰ শিলেৰে মৰিয়াই হত্যা কৰে। পিছত আদেশ আৰু তেওঁৰ সঙ্গীসকলে মৃতদেহটো স্থানীয় পথাৰত পেলাই দিয়ে। পিছদিনা আৰক্ষীয়ে সেই পথাৰখনৰ পৰা ৰামবিৰিৰ মৃতদেহ উদ্ধাৰ কৰে। তদন্তৰ অন্তত আদেশৰ লগতে চাৰিজন সহযোগী দীপক, আৰিয়ান, সন্দীপ আৰু ৰোহিতকো তদন্তকাৰীয়ে জিম্মাত লৈ যায়। আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰিছে।
