বিপদত কংগনাঃ আৰক্ষীক আদালতে দিলে গোচৰ ৰুজু কৰাৰ নিৰ্দেশ

52

ডিজিটেল ডেস্কঃ বলীউডৰ নেপটিজম হওঁক বা ড্ৰাগছ কাণ্ড এনে কোনো বিষয় নাই য’ত অভিনেত্ৰী কংগনা ৰাণাৱটে আগভাগ লৈ নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি পোৱা নাই। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰা কৃষি আইনৰ বিৰোধিতাৰে ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা কৃষক সকলক লৈও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল কংগনাই। কিন্তু এই প্ৰতিক্ৰিয়াই যেন বিপদহে মাতি আনিলে বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱটলৈ।

পঞ্জাৱ, হাৰিয়ানাকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ জনোৱা কৃষকসকলক সন্ত্ৰাসবাদীৰ সৈতে তুলনা কৰিছিল কংগনাই। কংগনাৰ এই টুইটৰ বিৰুদ্ধে আদালতৰ দাৰস্থ হৈছিল বহুতো। এনে এখন আবেদনৰে শুনানি গ্ৰহণ কৰি অৱশেষত আৰক্ষীক কংগনাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ নিৰ্দেশ দিলে আদালতে।

কৰ্ণাটকৰ টুমাকুৰুৰ ফাৰ্ষ্ট ক্লাছ ন্যায়িক দণ্ডাধীশৰ আদালতে কংগনাৰ বিৰুদ্ধে দাখিল কৰা এখন আবেদনৰ শুনানি গ্ৰহণ কৰে। ৰাজহুৱা আবেদনখনত কংগনাই টুইটৰ জৰিয়তে কৃষি বিলৰ বিৰোধীক অপমান কৰা বুলি উল্লেখ কৰা হৈছিল। সেয়াই নহয়, হিংসা বৃদ্ধিৰ বাবে কংগনাই উচতনি দিয়া, নৱ প্ৰজন্মৰ মাজত হিংসাৰ সংস্কৃতিৰ বীজ ৰোপণ কৰা বুলি আবেদনত উল্লেখ কৰিছিল আবেদনকাৰীয়ে। এই আবেদনৰ শুনানি গ্ৰহণ কৰিয়েই আদালতে কংগনাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ বাবে কৰ্ণাটক আৰক্ষীক নিৰ্দেশ দিয়ে।