বিধায়িকাৰ মহানুভৱতা: চচিয়েল মিডিয়াত কৰা হৈছে প্ৰশংসা, কিয়? পঢ়ক এই খবৰ

90

ডিজিটেল ডেস্ক:- ‘বিধায়ক হলে এনে হব লাগে…।’ – এনে মন্তব্যৰে চচিয়েল মিডিয়াত এতিয়া এগৰাকী বিধায়কক প্ৰশংসাৰে উপচাই পেলাইছে বিভিন্নজনে। যি সময়ত বিধায়ক-নেতাৰ দুৰ্নীতি আৰু অপকৰ্মৰ বাতৰিয়ে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে, সেই সময়ত অন্ধ্ৰপ্ৰদেশৰ এগৰাকী বিধায়কে দেখুওৱা মহানুভৱতা আৰু দায়িত্ববোধ সঁচাই প্ৰশংসাৰ যোগ্য।

দৰাচলতে অন্ধ্ৰপ্ৰদেশৰ গুণ্টুৰত দেওবাৰে পুৱা দুৰ্ঘটনাত পতিত হৈছিল এজন যুৱক। যুৱকজনে গুণ্টুৰৰ পৰা পিদুগুড়ললৈ বাইকেৰে গৈ থকা অৱস্থাত এখন ট্ৰাকে যুৱকজনক মহতিয়াই নিয়ে। কিন্তু এই দুৰ্ঘটনাৰ পিছত কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ ভয়ত কোনেও যুৱকজনৰ সহায়ৰ বাবে আগবাঢ়ি নাহিল। যাৰ ফলত দীৰ্ঘ সময় ধৰি তেজেৰে তুমুৰলি হৈ ৰাজপথতে পৰি থাকে আহত যুৱকজন।

যুৱকজন ৰাজপথত পৰি থকা সময়তে সেই পথেৰে পাৰ হয় তাড়িকোণ্ডা সমষ্টিৰ শাসকীয় ৱাইআৰএছচিপিৰ বিধায়িকা শ্ৰীদেৱীৰ কনভয়। গাড়ীৰ ভিতৰৰ পৰা বিধায়িকাগৰাকীয়ে আহত যুৱকজনক দেখি তৎক্ষণাত গাড়ীৰ পৰা নামি আহে আৰু আৰক্ষীক দুৰ্ঘটনাটোৰ বিষয়ে ফোনযোগে অৱগত কৰে।

বিধায়িকা হিচাপে নিৰ্বাচিত হোৱাৰ পূৰ্বে পেছাত এগৰাকী চিকিৎসকৰূপে কাৰ্যনিৰ্বাহ কৰা শ্ৰীদেৱীয়ে নিজেই আহত যুৱকজনক প্ৰাথমিক চিকিৎসা প্ৰদান কৰে। তাৰ পিছত ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীৰ সহযোগত যুৱকজনক হাস্পতালত ভৰ্তি কৰোৱা হয়।

বিধায়িকাৰগৰাকীৰ এনে মহানুভৱতাৰ খবৰ চচিয়েল মিডিয়াত প্ৰচাৰ হোৱাৰ পিছতে তেওঁক প্ৰশংসাৰে উপচাই পেলোৱা হৈছে। কোনোৱে যদি লিখিছে- এনে বিধায়কেই দেশত মানৱতাৰ জন্ম দিয়ে, আন কোনোৱে আকৌ লিখিছে- হয়, আমাক এনেকুৱা বিধায়কেই লাগে, যিয়ে ক্ষমতাতকৈ বেছি মানুহক ভাল পাব পাৰে।