বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে এজাহাৰ দাখিল

93

পুনৰ এবাৰ বিতৰ্কিত মন্তব্যৰে চৰ্চাত বাঘবৰৰ বিধায়ক শ্বেৰমান আলী। এইবাৰ নাৰীৰ পোছাকক লৈ কৰা অপমানজনক মন্তব্যৰ পিছতে শ্বেৰমানৰ বিৰুদ্ধে দাখিল কৰা হল এজাহাৰ।

নিৰ্যাতন বিৰোধী ঐক্য মঞ্চৰ হৈ সুমিত্রা হাজৰিকাই লতাশিল থানাত দাখিল কৰে বিতৰ্কিত বিধায়কজনৰ বিৰুদ্ধে এজাহাৰ।

উল্লেখ্য যে, স্বল্পবসনা, যৌন উত্তেজক পোছাক পৰিধানৰ বাবে ধৰ্ষণৰ দৰে ঘটনা বৃদ্ধি পাইছে বুলি বিতৰ্কিত মন্তব্য কৰিছিল শ্বেৰমান আলীয়ে।

এই মন্তব্যৰ বিৰোধিতা কৰি বিধায়কজনৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ। এজাহাৰ দাখিল কৰি শ্বেৰমান আলী বিধায়ক হিচাপে নিৰ্বাচিত হোৱাটো অসময়ীৰ বাবে দুৰ্ভাগ্য বুলি মন্তব্য কৰে সুমিত্রা হাজৰিকাই।