বিধায়ক শ্বেৰমান আলীক শ্বকজ প্ৰদেশ কংগ্ৰেছৰ

87

বিতৰ্কৰ আন এটা নামেই হৈছে বিধায়ক শ্বেৰমান আলী। সময়ে সময়ে বিতৰ্কিত মন্তব্য কৰি হিংসা আৰু ঘৃণাৰ বিহ চটিওৱা এইজন বিধায়কে কাৰ বাবে এনে মন্তব্য কৰাৰ সাহস পায় সেয়াও এক প্ৰশ্ন।

কিন্তু শেহতীয়াকৈ ১৯৮৩ৰ শ্বহীদক লৈ কৰা অপমানজনক আৰু বিতৰ্কিত মন্তব্য কৰাৰ পিছতে শ্বেৰমান আলীক শ্বকজ জাৰি কৰিছে অসম প্ৰদেশ কংগ্ৰেছে। APCC ৰ সাধাৰণ সম্পাদক ববিতা শৰ্মাই বিধায়কজনক শ্বকজ জাৰি কৰি উত্তৰ বিচাৰিছে।

শ্বহীদক অপমান কৰাৰ লগতে পুৰণি কথাৰে অসমীয়া জাতিক আঘাত হনা বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে আছে বিজেপিৰ হৈ কাম কৰাৰো অভিযোগ। এনে পৰিপ্ৰেক্ষিতত বিতৰ্কিত বিধায়কজনৰ বিৰুদ্ধে শাসকীয় দলটোৱে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে হব লক্ষণীয়।