বিধায়ক মোল্লাক গ্ৰেপ্তাৰৰ পিছতেই কংগ্ৰেছত ধুমুহা

626

বিধায়ক মোল্লাক গ্ৰেপ্তাৰৰ পিছতেই কংগ্ৰেছত ধুমুহা, মুখ নোখোলাৰ‌ জাননী।সাম্প্ৰদায়িক মন্তব্য কৰি কংগ্ৰেছৰ বিধায়ক আফতাব উদ্দিন মোল্লা গ্ৰেপ্তাৰ হোৱাৰ পিছতে দলটোৰ মাজত এতিয়া হাহাকাৰ লাগিছে ৷ সাম্প্ৰদায়িক মন্তব্য কৰি গ্ৰেপ্তাৰ হোৱা বিধায়ক আফতাব উদ্দিন মোল্লা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মুখ নোখোলাৰ বাবে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে বুধবাৰে এক নিৰ্দেশ জাৰি কৰিছে ৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক ( সাংগঠনিক) বিপুল গগৈয়ে এই সন্দৰ্ভত এক জাননী জাৰি কৰিছে ৷

বিপুল গগৈয়ে কয় – ইতিমধ্যে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এই‌ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছে ৷ গতিকে এই সন্দৰ্ভত দলৰ কোনো নেতা আৰু কৰ্মীয়ে নিৰ্দ্ধাৰিত অনুমতি নোলোৱাকৈ কোনোধৰণ মন্তব্য কৰিব নোৱাৰিব ৷ এই সন্দৰ্ভত ৰাজস্থানত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ফোনেৰে হোৱা বাৰ্তালাপত প্ৰকাশ‌ কৰিছে যে – কংগ্ৰেছৰ নীতিৰ বিৰুদ্ধে আফতাব উদ্দিন মোল্লাই যি সাম্প্ৰদায়িক মন্তব্য কৰিছে তাৰ বাবে তেওঁক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে ৷ এতিয়ালৈকে তেওঁ উত্তৰ দিয়া নাই ৷ তেওঁৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা‌ হ’ব সেয়া অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাবধায়ক জীতেন্দ্ৰ সিঙৰ লগত আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰা‌ হ’ব ৷