বিধানসভাত অখিল গগৈৰ উদাত্ত ভাষণ, মন্ত্ৰী পীয়ুষে ক’লে- ভুকুতে কল নপকে

109

গুৱাহাটীঃ আজি বিধানসভাৰ বাজেট অধিৱেশনৰ দ্বিতীয় দিন। দ্বিতীয় দিনটোত বিধানসভাৰ মজিয়াত উদাত্ত ভাষণ আগবঢ়ালে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে।

শিৱসাগৰক ঐতিহ্যক্ষেত্ৰ হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত চৰকাৰৰ পৰা সহাঁৰি বিচাৰে অখিল গগৈয়ে। তেওঁ কয় যে শিৱসাগৰৰ যিসমূহ ঐতিহাসিক ক্ষেত্ৰ আছে, সেই সমূহৰ ৰক্ষণাবেক্ষণ কৰা উচিত আৰু পৰ্যটন স্থলী হিচাপে গঢ় দিয়া উচিত। শিৱসাগৰৰ উন্নয়নৰ বাবে চৰকাৰৰ পৰা ১০০ কোটি টকা বিচাৰি বিধায়কগৰাকীয়ে কয় যে যদি চৰকাৰে এশ কৌটি ব্যয় কৰে, তেন্তে বছৰি এহেজাৰ কোটি টকাৰ ৰাজহ লাভ কৰিবলৈ সক্ষম হব।

ইফালে অখিল গগৈৰ শিৱসাগৰ সমষ্টিৰ ওপৰত দিয়া ভাষণ সদনৰ অন্য বিধায়কসকলে মৌন হৈ শুনিলেই ভাষণ শেষ হোৱাৰ পিছতে অখিল গগৈক কটাক্ষ কৰিবলৈ আৰম্ভ কৰে সাংস্কৃতিক মন্ত্ৰী বিমল বৰা আৰু পীয়ুষ হাজৰিকাই।

বিমল বৰাই অখিল গগৈক উপহাস কৰি কয় যে শিৱসাগৰক এশ কৌটিৰ নুজুখিব, তাতকৈ বেছি টকা শিৱসাগৰৰ বাবে চৰকাৰে খৰছ কৰিব। শিৱসাগৰক আগবঢ়াই নিয়াৰ দায়িত্ব চৰকাৰৰ বুলিও মন্তব্য কৰে বিমল বৰাই।

আনফালে মন্ত্ৰী পীয়ুষ হাজৰিকাই অখিল গগৈক কটাক্ষ কৰি গগৈয়ে ভুকুতে কলটো পকাব বিচাৰিছে বুলি মন্তব্য কৰে। তেওঁ লগতে এয়াও কয় যে বিধানসভা এনেদৰে নচলে, চৰকাৰ এনেদৰে নচলে। এই দুই মন্ত্ৰীৰ বাদে বিধানসভাত অখিল গগৈৰ ভাষণ অতি গুৰুত্বসহকাৰে শুনে সদনৰ আন সদস্য সকলে।