বিদ্যুৎ বিভাগৰ অস্থায়ী কৰ্মচাৰীৰ প্ৰতিবাদ

81

সোমবাৰে চৰাইদেউ জিলা মাইবেলাস্থিত লাকুৱা তাপবিদ্যুত কেন্দ্ৰত প্ৰায় অৰ্ধ শতাধিক অস্থায়ী ঠিকা ভিত্তিক শ্ৰমিকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। তাপ বিদ্যুৎ কেন্দ্ৰটোত কৰ্মৰত ঠিকা শ্ৰমিক সকলৰ প্ৰাপ্য বেতন, মজুৰি বৃদ্ধি আদায়, ঠিকা শ্ৰমিক সকলৰ সু-ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে বিভিন্ন দাবীত পুৱা ৬ বজাৰ পৰা ৭২ ঘণ্টীয়া কৰ্ম বিৰতি কাৰ্য্যসূচী ৰূপায়ণ কৰে ঠিকা শ্ৰমিক সকলে।