বিদায় লতা মংগেশকাৰ…

79

অৱসান ঘটিল এটা যুগৰ! কিংবদন্তী গায়িকা লতা মংগেশকাৰে দেওবাৰে পুৱা মুম্বাইত শেষ নিশ্বাস ত্যাগ কৰাৰ পিছতে শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ দেশ।

‘কুইন অৱ মেল’ডি’ আৰু ‘নাইটিংগেল অফ ইণ্ডিয়া’ হিচাপে পৰিচিত মংগেশকাৰে ৮ জানুৱাৰীত মৃদু লক্ষণথকা কোভিড-১৯ত আক্ৰান্ত হৈছিল মুম্বাইৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈছিল। প্ৰখ্যাত কণ্ঠশিল্পী গৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল ৯২ বছৰ।

লতা মংগেশকাৰৰ চিকিৎসা চলাই থকা ডাঃ প্ৰতিত সম্দানীয়ে সাংবাদিকক জানিবলৈ দিয়া মতে, দেহৰ একাধিক অংগ বিকল হৈ পৰাৰ ফলত ২৮ দিনৰো অধিক দিন চিকিৎসাৰ অন্তত দেওবাৰে পুৱা ৮.১২ বজাত শেষ নিশ্বাস ত্যাগ কৰে লতা মংগেশকাৰে।

কিংবদন্তি কণ্ঠশিল্পী গৰাকীৰ অন্তিম সংস্কাৰ দেওবাৰে সন্ধিয়া ৬ বজাত সম্পন্ন কৰা হ’ব। তেওঁৰ মৃত্যুত দুদিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰা হৈছে। এই সময়ত ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত হৈ থাকিব।

উল্লেখ্য যে, কোভিড-১৯ত আক্ৰান্ত হোৱাৰ পিছত মংগেশকাৰক ব্ৰিচ কেণ্ডি চিকিৎসালয়ৰ আইচিইউত ভৰ্তি কৰোৱা হৈছিল, য’ত তেওঁক ডাঃ প্ৰতিত সম্দানী আৰু তেওঁৰ চিকিৎসকৰ দলৰ দ্বাৰা চিকিৎসা কৰা হৈছিল। চিকিৎসকে জানিবলৈ দিয়া মতে কিংবদন্তী গায়িকাগৰাকীৰ স্বাস্থ্য যোৱা সপ্তাহত কিছু উন্নত হৈছিল যদিও শনিবাৰে পুৱা পুনৰ স্বাস্থ্যৰ অৱনতি ঘটে। যাৰ ফলত পুনৰ তেওঁক ভেণ্টিলেটৰৰ সহায়ত ৰখা হৈছিল। মংগেশকাৰে ৩০ জানুৱাৰীত কোভিড-১৯ আৰু নিউমোনিয়াৰ পৰা আৰোগ্য লাভ কৰিছিল।

শনিবাৰে কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেল, মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনা (এমএনএছ)ৰ মুৰব্বী ৰাজ ঠাকৰে, চলচ্চিত্ৰ নিৰ্মাতা মধুৰ ভাণ্ডাৰকাৰ আৰু এনচিপি নেতা সুপ্ৰিয়া চুলেকে ধৰি কেইবাজনো লোকে গায়িকাগৰাকীৰ স্বাস্থ্যৰ বুজ ল’বলৈ হাস্পতালত উপস্থিত হয়।

উল্লেখ্য যে, ২০১৯ৰ নৱেম্বৰ মাহতো মংগেশকাৰক শ্বাস প্ৰশ্বাসত পোৱা অসুবিধাৰ বাবে ব্ৰীছ কেণ্ডি হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। হাস্পতালত ২৮ দিন চিকিৎসাধীন হৈ থকাৰ পিছত তেতিয়া অব্যাহতি দিয়া হৈছিল লতা মংগেশকাৰক।