বিদায় তৰুণ গগৈ…

47

গুৱাহাটী:- চিৰদিন তৰুণ তেওঁ। অদম্য মনৰ গৰাকী আছিল তেওঁ। কিন্তু মনৰ সৈতে যেন শৰীৰে সংগ নিদিলে। সেয়ে হাস্পতালৰ বিচনাত জীৱন-মৃত্যুৰ সৈতে যুঁজি অৱশেষত হাৰ মানিবলগা হল তেওঁ। আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ৮৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।

এগৰাকী স্বচ্ছ ৰাজনীতিবিদ আৰু নিকা ভাৱমূৰ্তিৰ লোক হিচাপে পৰিচিত তৰুণ গগৈ যোৱা আগষ্ট মাহতে কোৰোনাত আক্ৰান্ত হৈছিল। তাৰ পিছত কিছুদিন চিকিৎসালয়ত কটাই তেওঁ ঘৰলৈ উভটিলেও পুনৰ তেওঁৰ স্বাস্হ্যৰ অৱনতি ঘটে আৰু হাস্পতালত ভৰ্তি কৰিবলগা হয়। যোৱা দুদিন ধৰি তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটিছিল। যাৰ বাবে ভেন্টিলেশ্যনত ৰাখিবলগা পৰিস্থিতিৰ সৃষ্টি হৈছিল। কিন্তু হাস্পতালতে আজি তেওঁ মৃত্যুক সাৱটি ললে।

প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ দেহাৱসানত সমগ্ৰ ৰাজ্যজুৰি শোকৰ ৰোল উঠিছে। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ বিয়োগৰ অপ্ৰত্যাশিত খবৰটো প্ৰকাশ কৰিছে স্বাস্হ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।