বিত্তীয় কেলেংকাৰী গোচৰ: মহাৰাষ্ট্ৰৰ প্ৰাক্তন গৃহমন্ত্ৰী অনিল দেশমুখক ক্লীন ছিট CBIৰ

79

মহাৰাষ্ট্ৰৰ প্ৰাক্তন গৃহ মন্ত্ৰী অনিল দেশমুখৰ বিৰুদ্ধে উত্থাপিত বিত্তীয় কেলেংকাৰী গোচৰৰ তদন্ত কৰি থকা চিবিআইৰ এক কথিত প্ৰতিবেদনে ৰাজনৈতিক অস্থিৰতা বৃদ্ধি কৰিছে। চিবিআইৰ কথিত প্ৰতিবেদন কিমান সঠিক সেয়া এতিয়ালৈকে স্পষ্ট নহলেও, এই প্ৰতিবেদনত চিবিআইয়ে বিত্তীয় কেলেংকাৰী গোচৰত অনিল দেশমুখক ক্লীন ছিট প্ৰদান কৰিছে। চিবিআইৰ প্ৰাথমিক তদন্তৰ পিছতে অভিযুক্তক ক্লিন চিট দিয়া হৈছে।

চিবিআইৰ প্ৰতিবেদনত কোৱা হৈছে যে অনিল দেশমুখৰ বিৰুদ্ধে কোনো দৃঢ় প্ৰমাণ পোৱা হোৱা নাই। যাৰ পৰিপ্ৰেক্ষিতত তেওঁক ক্লীন ছিট দিয়া হৈছে। কিন্তু তাৰ পিছতে এই প্ৰশ্নৰো উত্থাপন হৈছে যে যদি চিবিআইয়ে প্ৰাথমিক তদন্তত অনিল দেশমুখক ক্লিন চিট দিয়াই হৈছিল, তেন্তে পিছত অনিল দেশমুখৰ বিৰুদ্ধে কিয় এজাহাৰ দাখিল কৰা হৈছিল? উল্লেখ্য যে, চিবিআইৰ কথিত প্ৰতিবেদন ডিএছপি আৰ এছ গুঞ্জিয়ালে প্ৰস্তুত কৰিছে। প্ৰতিবেদনখনত অনিল দেশমুখৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ প্ৰতিটো দিশ আলোচনা কৰা হৈছে।

আনহাতে, চিবিআইৰ কথিত প্ৰতিবেদনত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে শচীন ৱাজে আৰু অনিল দেশমুখৰ মাজত কোনো বৈঠক অনুষ্ঠিত হোৱা নাছিল। উল্লেখ্য যে, মুম্বাইৰ আৰক্ষী আয়ুক্ত পৰমবীৰ সিঙে অনিল দেশমুখৰ বিৰুদ্ধে ১০০ কোটি টকাৰ বিত্তীয় কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছিল। পিছত বোম্বে উচ্চ ন্যায়ালয়ে এই গোচৰৰ তদন্তৰ ভাৰ চিবিআইক অৰ্পণ কৰিছিল।