বিটিআৰৰ কাৰ্য্যবাহী সদস্য ধনঞ্জয় বসুমতাৰীৰ প্ৰকৃতিপ্ৰেমী পদক্ষেপ। নিজে দুষ্প্ৰাপ্য কাছ উদ্ধাৰ কৰি এৰিলে মানাহ ৰাষ্ট্ৰীয় উদ্যানত

250

বিটিআৰৰ কাৰ্য্যবাহী সদস্য ধনঞ্জয় বসুমতাৰীৰ প্ৰকৃতিপ্ৰেমী পদক্ষেপ। নিজে দুষ্প্ৰাপ্য কাছ উদ্ধাৰ কৰি এৰিলে মানাহ ৰাষ্ট্ৰীয় উদ্যানত। কাৰ্য্যবাহী সদস্য জনে জনোৱা অনুসৰি কোকৰাঝাৰৰ পৰা আহোতে জানিব পাৰে যে চিৰাঙৰ কালপানীত এটা ১২ কেজি ওজনৰ দুষ্প্ৰাপ্য কাছ উদ্ধাৰ হোৱা বুলি। লগে লগে তেওঁ উক্ত ঠাইত উপস্থিত হৈ কাছটো উদ্ধাৰ কৰি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পানবাৰী ৰেঞ্জৰ অধিনত লাফাচাৰিত বুৰিসুতি নৈত এৰি দিয়ে। বিটিআৰৰ এই জন কাৰ্য্যবাহি সদস্য ধনঞ্জয় বসুমতাৰীয়ে বিগত দিনতো প্ৰকৃতি প্ৰেমৰ নমুনা দাঙী ধৰিছিল আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পানবাৰী বনাঞ্চল আৰু কুকলুং বনাঞ্চলৰ বন্যপ্ৰাণী সংৰক্ষণ তথা বনাঞ্চল ৰক্ষাৰ বাবে কাম কৰি আছিল।