বিজেপিৰে দুগৰাকীকৈ ওৱাৰ্ড কমিচনাৰক প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ

76

সুদ শাসক বিজেপিৰে দুগৰাকীকৈ ওৱাৰ্ড কমিচনাৰক দলৰ ৰাজ্যিক নেতৃত্বই প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰে৷ অভয়াপুৰী পৌৰসভাৰ এই দুগৰাকী ওৱাৰ্ড কমিচনাৰ হ’ল প্ৰবীণ দাস আৰু সৰযূ দেৱী৷ বিৰোধী দলৰে মিতিৰালি কৰি পৌৰসভা ভংগৰ ষড়যন্ত্ৰ ৰচাৰ গুৰুতৰ অভিযোগত দলে এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰে৷
শাসক বিজপিৰ পৰাই অভয়াপুৰী পৌৰসভাৰ আসন লাভ কৰা ৫নং আৰু ৬নং ওৱাৰ্ডৰ দুই কমিচনাৰ ক্ৰমে সৰজু দেৱী আৰু প্ৰবীণ দাসক দলৰ প্ৰাথমিক সদস্য পদৰ পৰাই বহিষ্কাৰ কৰে শীৰ্ষ নেতৃত্বই৷ দলটোৰ ৰাজ্যিিক সভাপতি ভৱেশ কলিতাই আজি এক বিবৃতিযোগ এই নিৰ্দেশ জাৰি কৰে৷ বিৰোধীৰে লগ লাগি বিজেপিৰ দখলত থকা অভয়াপুৰী পৌৰসভাৰ পৌৰপতিক ওফৰোৱাৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ অভিযোগত এই চৰম সিদ্ধান্ত লয় দলটোৱে৷
উল্লেখ্য যে, বিত্তীয় অনিয়মৰ অভিযোগ আনি দুগৰাকী কমিচনাৰ আৰু প্ৰাক্তন সভানেত্ৰীৰ বিপক্ষে পৌৰপতিয়ে অভয়াপুৰী থানাত গোচৰ তৰাৰ পাছতে এওঁলোকে আত্মগোপন কৰি আছিল৷ এই ঘটনাই অভয়াপুৰীৰ ৰাজনৈতিক মহলত বিশেষ চৰ্চা লাভ কৰিছে৷