বিজেপিৰ পৰা পদত্যাগ নেতাজী সুভাষ চন্দ্ৰ বসুৰ পৰিনাতি চন্দ্ৰ বসুৰ।
বুধবাৰে দলটোৰ সৰ্বভাৰতীয় সভাপতি জে পি নাড্ডালৈ লিখা এখন পত্ৰ যোগে তেওঁ এই সিদ্ধান্তৰ কথা ঘোষণা কৰে।
চন্দ্ৰ বসুৱে কয় যে যেতিয়া তেওঁ বিজেপিত যোগদান কৰিছিল তেতিয়া তেওঁ আশা কৰিছিল যে দলটোৱে নেতাজীৰ সপোন পূৰণ কৰিব।
কিন্তু বিজেপিয়ে নেতাজীৰ সপোন পূৰণ কৰাত ব্যৰ্থ হোৱাৰ অভিযোগ তোলে চন্দ্ৰ বসুৱে।
প্ৰসংগক্ৰমে ২০১৬ চনত চন্দ্ৰ বসুৱে বিজেপিত যোগদান কৰিছিল।
তেওঁ বিজেপিৰ টিকটত দুবাৰকৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল।
