‘বিজেপি-শিৱসেনাৰ সম্পৰ্ক ভাৰত-পাকিস্তানৰ দৰে নহয়, বৰং আমিৰ-কিৰণৰ দৰে’

118

ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ শাসকীয় দল শিৱসেনা আৰু বিজেপিৰ মাজৰ পুনৰ মিত্ৰতাক লৈ চলা চৰ্চাক অভিনেতা আমিৰ খান আৰু কিৰণ ৰাওৰ মাজৰ সম্পৰ্কৰ সৈতে তুলনা কৰিলে শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউতে।

উল্লেখ্য যে, বিগত কিছুদিন ধৰি শিৱসেনা আৰু বিজেপি পুনৰ মিত্ৰজোঁটলৈ আহিব বুলি চৰ্চা চলি আছে। শেহতীয়াকৈ বিজেপিৰ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফড়নবিছে ‘শিৱসেনা আৰু বিজেপি কেতিয়াও শত্ৰু নহয়’ বুলি কৰা মন্তব্যৰ পিছতে এই চৰ্চা অধিক মুখৰ হৈ পৰে।

ইফালে বিজেপি আৰু শিৱসেনাৰ সম্পৰ্ক সন্দৰ্ভত সোমবাৰে সংবাদ মাধ্যমৰ সন্মুখত সাংসদ সঞ্জয় ৰাউতে মন্তব্য কৰে। তেওঁ কয় যে বিজেপি আৰু শিৱসেনাৰ ৰাজনৈতিক পথ ভিন্ন, কিন্তু দুয়ো দলৰ মাজত বন্ধুত্ব অটুত আছে।

সঞ্জয় ৰাউতে কয়, ‘আমাৰ সম্পৰ্ক ভাৰত-পাকিস্তানৰ সম্পৰ্কৰ দৰে নহয়, আমাৰ সম্পৰ্ক আমিৰ খান আৰু কিৰণ ৰাওৰ সম্পৰ্কৰ দৰে। আমাৰ ৰাজনৈতিক চিন্তা পৃথক, কিন্তু বন্ধুত্ব সদায় অটুত থাকিব।’

উল্লেখ্য যে, অভিনেতা আমিৰ খান আৰু পত্নী কিৰণ ৰাওৱে অলপতে বিবাহ বিচ্ছেদৰ ঘোষণা কৰিছে। কিন্তু বিবাহ বিচ্ছেদৰ পিছতো তেওঁলোকে একেলগে কাম কৰি যাব বুলি মন্তব্য কৰে। সাংসদ সঞ্জয় ৰাউটেও সেয়ে আমিৰ খান আৰু কিৰণ ৰাওৰ সম্পৰ্কক বিজেপি-শিৱসেনাৰ সম্পৰ্কৰ সৈতে ৰিজাইছে।