বিজেপি বিধায়কৰ বিতৰ্কিত মন্তব্য- সংস্কাৰহীনতাৰ বাবেই আজিৰ যুৱতী বলি হয় বলাৎকাৰৰ

70

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ বলিয়া সমষ্টিৰ বিধায়ক সুৰেন্দ্ৰ সিঙে বলাৎকাৰ কাণ্ডক লৈ কৰা মন্তব্যক লৈ সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ। ৰাজ্যখনৰ হাথৰসত এগৰাকী যুৱতী গণধৰ্ষণৰ বলি হৈ মৃত্যুক আঁকোৱালি ল’বলগা হোৱা ঘটনাক লৈ দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ থকা সময়তে বিজেপি বিধায়কজনে যুৱতীসকলৰ সংস্কাৰহীনতাৰ বাবেই বলাৎকাৰৰ দৰে ঘটনা বৃদ্ধি পোৱা বুলি মন্তব্য কৰে।

বিজেপি বিধায়ক সুৰেন্দ্ৰ সিঙে কয় যে তেওঁ বিধায়ক হোৱাৰ উপৰিও এজন শিক্ষকো। পিতৃ-মাতৃৰ ধৰ্ম হৈছে উচিত সংস্কাৰ দিয়া। কিন্তু আজিৰ যুৱতীসকলৰ সেই সংস্কাৰ নথকাৰ বাবে বলাৎকাৰৰ দৰে ঘটনা সংঘটিত হয়। বিজেপি নেতাজনে লগতে কয় যে যুৱতীসকলক খোজ কঢ়া আৰু মাৰ্জিত ব্যৱহাৰৰ শিক্ষা দিয়া উচিত।

সুৰেন্দ্ৰ সিঙৰ এনে বিতৰ্কিত মন্তব্যৰ পিছতে দেশজুৰি পুনৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। নাৰীক সুৰক্ষা প্ৰদান কৰিব নোৱাৰা উত্তৰ প্ৰদেশ চৰকাৰে এতিয়া এইদৰে যুৱতীৰ সংস্কাৰ আৰু পৰিয়ালৰ ওপৰত ধৰ্ষণৰ দোষ জাপি দি সমস্ত অভিযোগৰ পৰা নিজক ৰক্ষা কৰাৰ চেষ্টা চলাইছে বুলিও বিভিন্নজনে মত প্ৰকাশ কৰিছে।