বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটক সমৰ্থন কমতাপুৰ স্বায়ত্ব শাসিত পাৰিষদৰঃ কংগ্ৰেছক প্ৰতাৰক আখ্যা

62

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তে আজি কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদে বিজেপি, ইউপিপিএল, অগপ আৰু জিএছপিৰ হৈ ভোটদান কৰিবলৈ মুকলি আহ্বান জনাইছে। কোকৰাঝাৰ সদৰ চহৰৰ নাৰিদূৰৈৰ ভোটগাঁৱত অনুষ্ঠিত এক সংবাদমেলত কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ চমুকৈ কেএচিৰ নেতৃবৰ্গই বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনাই বিজেপি মিত্ৰজোঁটে কোঁচ-ৰাজবংশী জনগোষ্ঠীৰ জাতীয় সমস্যাসমুহ পৰ্যায়ক্ৰমে সমাধান কৰিবলৈ আগবাঢ়িছে বুলি মন্তব্য কৰে। বছৰ বছৰ ধৰি শাসন কৰাৰ পিছতো কংগ্ৰেছে কোঁচ-ৰাজবংশী জনগোষ্ঠীক মাথো প্ৰতাৰণা হে কৰিলে বুলি মন্তব্য কৰি কেএচিৰ অধ্যক্ষ হিতেশ্বৰ বৰ্মনে হি’ল-দল ভাঙি বিজেপি মিত্ৰজোঁটৰ হৈ ভোটদান কৰিবলৈ কোঁচ-ৰাজবংশী জনগোষ্ঠীৰ প্ৰতি আহ্বান জনাইছে। বিজেপি চৰকাৰে ললিপপ নিদিব বুলি আশা ব্যক্ত কৰি কেএচিৰ অধ্যক্ষ হিতেশ্বৰ বৰ্মনে চৰকাৰ গঠন হোৱাৰ পিছতে বিজেপিয়ে পুনৰাই জাতীয় সমস্যাসমুহ সমাধানত ব্ৰতী হ’ব বুলি আশা ব্যক্ত কৰিছে। ইয়াৰ অন্যথা বিজেপি মিত্ৰজোঁট চৰকাৰে যদিহে ললিপপ দিয়ে তেনেহলে ৰাইজৰ সতে আলোচনা কৰি কেএচিৰ পৰা ওলাই আহি তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ’ব বুলিও মন্তব্য কৰিছে হিতেশ্বৰ বৰ্মনে। ইপিনে সংবাদমেলত উপস্থিত থকা আক্ৰাছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা বৰ্তমানৰ কেএচিৰ পাৰিষদ প্ৰদীপ ৰায়ে বিজেপি, ইউপিপিএল, অগপ আৰু জিএছপিৰ হৈ ভোটদান কৰিবলৈ মুকলি আহ্বান জনোৱাৰ লগতে ৩০নং কোকৰাঝাৰ পূৱ বিধানসভা সমষ্টিত ইউপিপিএলৰ প্ৰাৰ্থী লৰেঞ্চ ইছলাৰীক বিপুল ভোটত জয়যুক্ত কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনাইছে। বৰ্তমানৰ বিধায়িকা তথা মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই সমষ্টিবাসীৰ প্ৰতি যি কৰণীয় আছিল সেয়া নকৰিলে বুলি মন্তব্য কৰি কেএচিৰ পাৰিষদ প্ৰদীপ ৰায়ে লৰেঞ্চ ইছলাৰীক এগৰাকী যোগ্য নেতা বুলিও অভিহিত কৰিছে। আজিৰ সংবাদমেলত আক্ৰাছুৰ প্ৰাক্তন সভাপতি তথা কেএচিৰ পাৰিষদ ক্ৰমে কৰ্মেশ্বৰ ৰায়, জীৱেশ ৰায় উপস্থিত থাকে।