বিজেপি চৰকাৰ খিলঞ্জীয়া বিৰোধী

89

কমতাপুৰত অসম চৰকাৰৰ চৰৰাৰৰ উদ্যোগ নীতি প্ৰয়োগ হবলৈ দিয়া নহব-বিশ্বজিৎ ৰায়

ষ্টাফৰিপৰ্টাৰ, ৩ জুলাইঃ খিলঞ্জীয়া আৰু জাতি, মাটি, ভেটিৰ সুৰক্ষাৰ শপত খাই অসমত বিজেপি মিত্ৰজোট চৰকাৰে ওলোটা খোৰ মাৰি বিগত ৪ বছৰে ওলোটা খোৰ মাৰি অসম তথা খিলঞ্জীয়া বিৰোধি কামহে কৰি অহা দেখা গল ৷ এই সম্পৰ্কে কোচ ৰাজবংশী জাতিয় মহাসভাৰ সাধাৰণ সম্পাদক তথা আক্ৰাছুৰ প্ৰাক্তন সভাপতি বিশ্বজিৎ ৰায়ে অসম চৰকাৰৰ খিলঞ্জীয়া বিৰোধী কাৰ্যক তীব্ৰ সমালোচনা কৰে ৷ মহাসভাৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে লগতে কয় ” যোৱা অসম বিধানসভা নিৰ্বাচনত খিলঞ্জীয়াৰ সুৰক্ষাকৱজ, অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণকে ধৰি বিভিন্ন প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল আৰু অসমৰ মানুহে দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ স্বাৰ্থত কংগ্ৰেছ দলৰ চৰকাৰক ওফৰাই বিজেপি মিত্ৰ দলক ভোট দি শাসনত বহুৱাইছিল ৷ কিন্তু দুৰ্ভাগ্যজনক যে যোৱা চাৰি বছৰে কোচ ৰাজবংশীৰ লগতে অসমৰ পাঁচ জনগোষ্ঠীক জনজাতিকৰণ নকৰিলে আৰু জাতি, মাটি, ভেটি আৰু খিলঞ্জীয়াৰ কথা কোৱা চৰকাৰে যোৱা চাৰি বছৰে খিলঞ্জীয়াক প্ৰতাৰণা কৰাই নহয় চৰম ভাবে উপলুঙা কৰিলে ৷ এতিয়াঅসম চৰকাৰে কৰুণা মহামাৰীৰ পৰিপেক্ষিতত চৰকাৰে ঘোষণা কৰা দীৰ্ঘদিনীয়া লোকডাউন সুযোগ লৈ যোৱা ২৯ জুলাইত অসম চৰকাৰে কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতে অসম চৰকাৰে অধ্যাদেশ জাৰি কৰি অসমৰ খিলঞ্জীয়া তথা ভুমিপুত্ৰ কৃষি ভূমি কাঢ়ি বহিৰাগত বনিক শ্ৰেণীক উদ্যোগ প্ৰতিষ্ঠাৰ নামত ৰঙা দলিছা পাৰি বিছাৰিছে ৷ চৰকাৰৰ এই খিলঞ্জীয়া বিৰোধী কাৰ্যক কোচ ৰাজবংশী জাতীয় মহাসভাই কেতিয়াও সমৰ্থন নকৰে ৷ কোচ ৰাজবংশী জাতীয় মহাসভা উদ্যোগ প্ৰতিষ্ঠাৰ বিৰোধী নহয় ৷ উদ্যোগ প্ৰতিষ্ঠাই শিক্ষিত নিবনুৱাক সংস্থাপিত কৰাই নহয় অসমৰ অৰ্থনীতিত সহায়ক হ’ব ৷ কিন্তু শিক্ষিত নিবনুৱা আৰু আৰ্থিক লাভালাভৰ বাবে খিলঞ্জীয়াৰ স্বাৰ্থ জলাঞ্জলি দিব নোৱাৰি ৷ চৰকাৰৰ এই খিলঞ্জীয়া বিৰোধী নীতিৰ বাবে বঙাইগাঁও জিলাৰ চাপাৰাকাটা ৰাজহগাওঁ ৩ নং খণ্ডত বহিৰাগত বণিক পিয়ুষ মাৰ্কাৰ মালিকাধিন নৰ্থ ইষ্ট কেলচেনিয়া প্ৰাঃ লিঃ নামৰ কোম্পানীটোৱে জিলা প্ৰশাসন আাৰু স্থানীয় পঞ্চায়ত সচিবক মিছা তথ্য দি বিষাক্ত আৰু প্ৰদূষণ যুক্ত কাৰ্বন উদ্যোগ প্ৰতিষ্ঠা কৰিব উলাইছে ৷ এই ক্ষেত্ৰত কোচ ৰাজবংশী জাতীয় মহাসভাই আন আন সংগঠন আৰু স্থানীয় ৰাইজৰ সহযোগত ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰি অসম প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ড আৰু জিলা উপায়ুক্ত লিখিতভাবে স্মাৰক পত্ৰ দাখিল কৰে ৷ আনহাতে চলিত বছৰৰ ৭ আানুৱাৰীত অসম চৰকাৰৰ উদ্যোগ মন্ত্ৰীৰ মহাসভাই উদ্যোগতৰ নিৰ্মাণ কাৰ্য বন্ধ কৰিব স্মাৰকপত্ৰ প্ৰদান কৰে। মহাসভাৰ জংগী পদক্ষেপ আৰু দাবীৰ পৰিপেক্ষিতত প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ড চৰজমিন তদন্ত কৰি উক্ত মাটি কৃষি ভুমি বুলি চিনাক্ত কৰে আৰু উদ্যোগ প্ৰতিষ্ঠান কতৃপক্ষক উদ্যোগ নিৰ্মাণৰ কাম কাজ স্থগিত ৰাখিবলৈ লিখিত নিৰ্দেশনা দিযে আৰু বাধ্যত পৰি উদ্যোগৰ নিৰ্মাণ কাৰ্য বন্ধ কৰে ৷ প্ৰদূষণ বোৰ্ডৰ নিৰ্দেশনা পাই উদ্যোগ প্ৰতিষ্ঠানৰ মালিকে স্থানীয় নেতা-পালি-নেতাক টকা পইছাৰে মেনেজ কৰাৰ লগতে ৰাস্তা নিৰ্মাণ, নামঘৰ নিৰ্মাণ, চাকৰি প্ৰদান আদি প্ৰলোভন দি অতি গোপলে নিশিৰ ভাগত উদ্যোগটোৰ নিৰ্মাণ সম্পূৰ্ণ কৰে ৷ কাৰ্বন উদ্যোগ গঢ়িব খোজা ঠাই ডোখৰ সম্পূৰ্ণ কৃষিভূমি তথা ব্যক্তিগত মালিকাধিন পাট্টা ভূক্ত আৰু চাৰিও ফালে জাতি-জনজাতিৰ বসতি প্ৰধান আৰু নিচেই কাষতে দুস্পাপ্য সোণালী বান্দৰ আৰু বিভিন্ন বিৰল প্ৰজাতিৰ জীৱজন্তুৰ বিচৰণ ভূমি কাকৈজনা অভয়াৰণ্য অৱস্থিত ৷ কাৰ্নন উদ্যোগটো তাত গঢ়ি উঠিলে সাংঘাটিক প্ৰদূষণ হোৱাৰ লজতে কৃষিভূমি আৰু জীৱকূলৰ ওপৰত বিৰূপ প্ৰভাব পৰিব ৷ গতিকে চৰকাৰ, স্থানীয় বিধায়ক তথা মন্ত্ৰী ফণীভূষণ চৌধুৰে আৰু বঙাইগাঁও জিলা প্ৰশানক অতিশীঘ্ৰে প্ৰস্তাবিত কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদত উক্ত উদ্যোগ স্থাপনৰ বাবে দিয়া অনুমোতি বাতিল কৰিব দাবী কৰিলোঁ। অন্যথা কোচ ৰাজবংশী জাতীয় মহাসভাই আইনৰ কাষ চপাৰ লগতে আন্দোনল কৰিবলৈ বাধ্য হম ৷ কোচ ৰাজবংশী জাতীয মহাসভাই কমতাপুৰ ৰাজ্য পুণৰ গঠণ আৰু জনজাতিকৰণৰ দাবীত অচিৰেই জনজাগৰণৰ কৰিব।”