সমাগত উপ নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ ৰাজনীতিত এটা চৰ্চিত বিষয় হৈ পৰিছে বিজেপি আৰু বিপিএফৰ মিত্ৰতা। বিটিআৰৰ প্ৰাক্তন মুৰব্বী তথা বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ পিছতে শাসকীয় বিজেপিৰ সৈতে মিত্ৰতাৰ চৰ্চা তুংগত উঠিছে। কিন্তু তাৰ মাজতে বিপিএফ আৰু হাগ্ৰামাক লৈ এক মন্তব্য কৰে বিটিচি প্ৰধান তথা বিজেপিৰ মিত্ৰদল ইউপিপিএলৰ অধ্যক্ষ প্ৰমোদ বড়োৱে।
হাগ্ৰামা মহিলাৰীক নুফুটা বন্দুকৰ সৈতে তুলনা কৰি প্ৰমোদ বড়োৱে কয়, ‘‘বৰ্তমান হাগ্ৰামা মহিলাৰী এটা নুফুটা বন্দুক। নিজৰ স্থিতি হেৰুৱাই হতাশাত ভোগা মহিলাৰীৰ কথাৰ কোনো ভিত্তি নাই। মুখ্যমন্ত্ৰীক সকলোৱে লগ কৰিব পাৰে৷ হাগ্ৰামায়ো লগ কৰিছে৷ বিগত সোতৰ বছৰে দুৰ্নীতি, লুণ্ঠন চলোৱা হাগ্ৰামাই বিটিচিত শান্তি স্থাপন কৰিব নোৱাৰিলে৷ এতিয়া বিটিচিত শান্তি আহিছে৷’’
আনহাতে তামূলপুৰ সমষ্টিত মিত্ৰজটোৰ সমৰ্থিত ইউপিপিএলৰ প্ৰাৰ্থীয়ে জয়ী হব বুলি দাবী কৰে প্ৰমোদ বড়োৱে। উল্লেখ্য যে, সমষ্টিটোত বিজেপি নেতা ইমানুৱেল মুছাহাৰীয়ে নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰিছে। কিন্তু নিৰ্বাচনত ইয়ে ইউপিপিএলৰ জয়ত কোনো প্ৰভাৱ নেপেলায় বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে।
