বিজনীৰ পাণবাৰীস্থিত বন বিভাগৰ পাণবাৰী ৰেঞ্জ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ

252

চিৰাঙৰ পাণবাৰীত মানাস ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ প্ৰকল্পত প্ৰৱেশ মাচুল বৃদ্ধিৰ প্ৰতিবাদত গ্ৰেটাৰ মানাস কনজাৰভেছন এণ্ড টুৰি’জম্ ডেভল’পমেণ্ট ছছাইটিৰ প্ৰতিবাদ। উল্লেখযোগ্য যে মানাস ৰাষ্ট্ৰীয় উদ্যানৰ সংৰক্ষণ আৰু পৰ্যটনৰ উন্নয়নৰ বাবে চৈধ্যটা সংগঠনৰ উমৈহতীয়া মঞ্চ গ্ৰেটাৰ মানাস কনজাৰভেছন এণ্ড টুৰি’জম ডেভলপ’মেণ্ট ছছাইটিৰ উদ্যোগত বিজনীৰ পাণবাৰীস্থিত বন বিভাগৰ পাণবাৰী ৰেঞ্জ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ। বিটিচি প্ৰশাসনে মানাস ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পত অত্যধিক হাৰত প্ৰৱেশ মাচুল বৃদ্ধি কৰাৰ প্ৰতিবাদত তিনি ঘণ্টীয়া গণ প্ৰতিবাদ সাব্যস্ত কৰে। বিটিচি প্ৰশাসনে পৰ্যটকৰ বাবে জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ কৰাৰ দাবী উত্থাপন কৰে এই প্ৰতিবাদী কাৰ্যসূচীৰ জড়িয়তে।বিটিচি প্ৰশাসনৰ এই বৰ্ধিত মাচুলৰ বাবে মানাস ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পত পৰ্যটকৰ সংখ্যা হ্ৰাস হোৱাৰ লগতে মানাস ৰাষ্ট্ৰীয় উদ্যানৰ সংৰক্ষণ আৰু পৰ্যটকৰ সহায়ৰ লগত জড়িতহৈ জীৱন নিৰ্বাহ কৰি থকা লোকসকলে কৰ্ম সংস্থাপন হেৰুৱাব বুলি আশংকা প্ৰকাশ কৰে প্ৰতিবাদকাৰী সকলে।উল্লেখ্য যে বিগত ৫ জুলাই তাৰিখে বিটিচি প্ৰশাসনে জাৰি কৰা এক জাননী মৰ্মে মানাস ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পত অহা পৰ্যটক সকলৰ বাবে বিভিন্ন ধৰণে প্ৰৱেশ মাচুল বৃদ্ধি কৰিছে।ফলত প্ৰতিজন পৰ্যটকে মানাস ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশৰ নামত ৯০০/- টকা ভৰিব লগীয়া হ’ব। আনহাতে এই নিৰিখ কাজিৰঙা, পবিতৰা আদি উদ্যানত বৃদ্ধি কৰা নাই কিন্তু বিটিচি প্ৰশাসনে মানাস ৰাষ্ট্ৰীয় উদ্যানত কিয় বঢ়াই দিলে বুলি প্ৰশ্ন উত্থাপন কৰে প্ৰতিবাদী জনতাই।