বিগত ২৪ ঘণ্টাত ভাৰতত পুনৰ ২৮২ জনৰ কোভিডৰ ফলত মৃত্যু

78

ভাৰতত কোৰোনা মহামাৰীৰ সংক্ৰমণ কিছু হ্ৰাস পোৱা পৰিলক্ষিত হলেও কোৰোনাক লৈ আতংক অব্যাহত আছে। স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্যনুসৰি দেশত পুনৰ ৩১৯২৩জন লোক নতুনকৈ কোৰোনাত আক্ৰান্ত হয় যোৱা ২৪ ঘণ্টাত। এই সময়ছোৱাত কোভিডৰ ফলত মৃত্যুমুখত পৰে ২৮২ জন লোক।

আনহাতে বিগত এটা দিনত দেশত ৩১৯৯০জন লোকে কোৰোনাৰ পৰা আৰোগ্য লাভ কৰিছে। বৰ্তমানেও চিকিৎসাধীন হৈ আছে ৩০১৬০৪জন লোক।

ইফালে, যোৱা ২৪ ঘন্টাত দেশত ৭১৩৮২০৫জন লোকক প্ৰদান কৰা হৈছে ভেকচিন। স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, বৰ্তমানলৈ দেশত এই ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৩২৮১৫৭৩১জনলৈ বৃদ্ধি পাইছে। আনহাতে, ভেকচিন দিয়া লোকৰ সংখ্যা বৰ্তমানলৈ হৈছেগৈ ৮৩৩৯৯০০৪৯জন।