বিগত ২৪ ঘণ্টাত দেশত ৭৮,৫২৪ জন কোভিড পজিটিভ, ৯৭১ জনৰ মৃত্যু

57

ডিজিটেল ডেস্কঃ দেশত কোভিড আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে ৬৮ লাখ। বিগত ২৪ ঘণ্টাত দেশত পুনৰ ৭৮,৫২৪ জন লোক কোভিডত আক্ৰান্ত হয়। এই সময়ছোৱাত ৯৭১ জনৰ কোভিড আক্ৰান্ত হৈ মৃত্যু ঘটে।

স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি দেশত বৰ্তমান কোভিড আক্ৰান্তৰ সংখ্যা হৈছেগৈ ৬৮,৩৫,৬৫৬ জন। ইয়াৰে ৫৮,২৭,৭০৫ জন ৰোগী সুস্থ হৈ উঠিছে আৰু ৯,০২,৪২৫ জনৰ চিকিৎসা বৰ্তমানেও অব্যাহত আছে। দেশত এতিয়ালৈকে ১,০৫,৫২৬ জন কোভিড ৰোগীৰ মৃত্যু ঘটিছে।